অসম

assam

ETV Bharat / state

পুনৰুজ্জীৱিত হ'বনে কলং ?

অসম চৰকাৰে 21 ফেব্ৰুৱাৰী, 2017 তাৰিখে এক জাননীৰ জৰিয়তে কলং পুনৰুজ্জীৱিতকৰণৰ প্ৰাৰম্ভিক কাম-কাজৰ বাবে দহ কোটি টকা মোকলাই দিয়ে ।

By

Published : Apr 19, 2019, 12:41 PM IST

Updated : Apr 19, 2019, 6:23 PM IST

পুনৰুজ্জীৱিত হ'বনে কলং ?

কলিয়াবৰ , 19 এপ্ৰিল : কলং পুনৰুজ্জীৱিতকৰণ আঁচনি সফল ৰূপায়নৰ আশাত কলংপৰীয়ালোক ৷ চুক্তিৰ স্বাক্ষৰ হোৱাৰ চাৰিমাহ সম্পূৰ্ণ হোৱাৰ পাচতো নাই কোনো উম ঘাম ৷ 2017চনৰ বান ক্ষতিগ্ৰস্তই নাপালে ক্ষতিপূৰণ ৷

কলংপৰীয়া তথা কলিয়াবৰবাসী ৰাইজৰ দীৰ্ঘদিনীয়া দাবী কলং পুনৰুজ্জীৱিতকৰণ আৰু বান নিয়ন্ত্ৰণ ৷ স্বয়ং অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই প্ৰতিশ্ৰুতিও দিছিল দাবী পূৰণৰ । "কলং পুনৰুজ্জীৱিতকৰণ আঁচনি" ৰূপায়ণৰ বাবে দিল্লীস্থ "ৱাটাৰ পাৱাৰ কন্সাল্টেন্সী চাৰ্ভিচ" চমুকৈ "ৱাপকচ"ৰ সৈতে অসম চৰকাৰৰ জল সম্পদ বিভাগ এক বুজা-বুজি চুক্তিটো উপনীত হৈছে। চলিত বৰ্ষৰ জানুৱাৰী মাহৰ 3 তাৰিখে গুৱাহাটীত অসম চৰকাৰৰ বিভাগীয় উচ্চ-পদস্থ বিষয়া তথা ভাৰত চৰকাৰৰ পঞ্জীকৃত সংস্থা "ৱাপকচ"ৰ বিষয়াবৱীয়াৰ লগতে বিভাগীয় মন্ত্ৰীৰ উপস্থিতিত বুজা-বুজি চুক্তিত স্বাক্ষৰ কৰা হয় । উল্লেখ্য যে, প্ৰৱাহ নথকাৰ বাবে কলিয়াবৰৰ উৎপত্তি স্থানৰ পৰা চাপৰমুখলৈকে চুড়ান্তভাৱে প্ৰদূষিত হৈ পৰিছে প্ৰায় 250 কিলোমিটাৰ দৈৰ্ঘ্যৰ কলং নৈ খন।

  • 1964 চনত নগাঁও নগৰক কলঙৰ বানৰ পৰা ৰক্ষা কৰিবলৈ কলঙৰ মুখত নিৰ্মাণ কৰা হৈছিল মথাউৰি ৷ ইয়াৰ ফলত বাধাপ্ৰাপ্ত হৈছিল কলঙৰ প্ৰৱাহ ৷
  • 1973 চনত ব্ৰহ্মপুত্ৰই খহাই লৈ যায় মথাউৰিটো ৷
  • 1974 চনত 144 ধাৰা বলৱৎ কৰি বৰ্তমানৰ হাতীমূৰা আৰু কুকুৰাকটা পাহাৰ সংযোগী মথাউৰি নিৰ্মাণ ৷


2008 চনত এটা বেচৰকাৰী জৰীপ সংস্থাৰ সমীক্ষাত দেশৰ 71খন প্ৰদুষিত নদীৰ তালিকাত স্থান লাভ কৰিছিল কলঙে ৷ কলঙৰ গতিপথ স্থবিৰ হোৱাৰ চল্লিশ বছৰৰ পাচত 2013 চনৰ ডিচেম্বৰ মাহৰ 17 তাৰিখে তদানীন্তন কলিয়াবৰৰ বিধায়ক কেশৱ মহন্তই বিধান সভাত কলঙক পুনৰ বোৱাই নিয়াৰ বাবে আগবঢ়োৱা এক প্ৰস্তাৱ কংগ্ৰেছ চৰকাৰে গ্ৰহণ কৰি এক আঁচনি প্ৰস্তুত কৰে। কিন্তু নগাঁৱৰ সেইসময়ৰ এজন প্ৰভাৱশালী মন্ত্ৰীৰ কু-চক্ৰান্তত নগাঁও নগৰৰ মাজেৰে বৈ যোৱা কলং সুঁতিৰ কিছু অংশ অকৰ্তৃত্বশীলভাৱে সৌন্দৰ্য‍্যবৰ্ধন কৰাত পৰিৱেশ প্ৰদুষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ ৰোষত পৰে।

পুনৰুজ্জীৱিত হ'বনে কলং ?

কলিয়াবৰৰ বিধায়ক কেশৱ মহন্তই নতুন চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰীৰ দায়িত্ব লোৱাৰ লগে-লগে কলংপৰীয়া ৰাইজ বিশেষকৈ কলিয়াবৰীয়া ৰাইজৰ মনত আশাৰ সঞ্চাৰ হয়। সেই উদ্দেশ্যে

  • অসম চৰকাৰে 21 ফেব্ৰুৱাৰী, 2017 তাৰিখে এক জাননীৰ জৰিয়তে কলং পুনৰুজ্জীৱিতকৰণৰ প্ৰাৰম্ভিক কাম-কাজৰ বাবে দহ কোটি টকা মোকলাই দিয়ে।
  • গুৱাহাটী আই. আই. টি. অধ‍্যাপক চন্দন মহন্তৰ অধ্যক্ষতাত এখনি বিশেষজ্ঞ সমিতি গঠন কৰা হয় ৷
  • সেই বছৰৰে 13 আৰু 14 জুন তাৰিখে কলং সুঁতিৰ দাঁতি-কাষৰীয়া অঞ্চল পৰিদৰ্শন কৰি স্থানীয় ৰাইজৰ মতামত লোৱাৰ লগতে অসম চৰকাৰৰ কেইবাটাও বিভাগৰ সহযোগত প্ৰত্যাহ্বান আৰু সম্ভাৱনীয়তাৰ দিশসমূহ নিৰীক্ষণ কৰিছিল।
  • যাৱতীয় নিৰীক্ষণৰ অন্তত 4 জুলাই তাৰিখে কলং সুঁতিক পুনৰ বোৱাই নিয়াৰ বাবে এক প্ৰকল্প প্ৰস্তুতকৰণৰ বাবে বিভাগীয় মন্ত্ৰী কেশৱ মহন্তৰ সৈতে বিশেষজ্ঞ সমিতি আলোচনাত মিলিত হয়।
  • পৰৱৰ্তী মাহৰ 5 আগষ্ট তাৰিখে "কলং পুনৰুজ্জীৱিতকৰণ আঁচনি"ৰ প্ৰকল্প প্ৰতিবেদন অৰ্পন কৰে।
  • কিন্তু তাৰ পিচৰ সপ্তাহৰ 12 আগষ্ট তাৰিখে কলং মুখৰ মথাউৰি খহাই নিয়াত সমগ্ৰ কলিয়াবৰ 45 বছৰৰ পাচত ভয়ংকৰ বানৰ কৱলত পৰে। ফলত পুনৰ তল পৰে কলং পুনৰুজ্জীৱিতকৰণ বিষয়টো ।

এতিয়াও আঁচনিখন পুৰণৰ প্ৰাৰম্ভিক কাম-কাজ দৃষ্টিগোচৰ হোৱা নাই। আনহাতে হাতীমূৰা-কুকুৰাকটা পাহাৰ সংযোগী মথাউৰিটোৰো কাম বাস্তৱ ক্ষেত্ৰত এতিয়াও সম্পূৰ্ণ হ'বলৈ বাকী। সময় থাকোতেই স্থানীয় বিধায়ক তথা বিভাগীয় মন্ত্ৰী কেশৱ মহন্তই দৃষ্টি দিয়াতো বিচাৰিছে স্থানীয় ৰাইজে। আনহাতে কলিয়াবৰত হোৱা ভয়াবহ বানৰ দুবছৰ হ'বলৈ মাজত তিনিটা মাহ থকাৰ পাচতো ৰাইজে নাপালে ক্ষতিপুৰণৰ ধন। ক্ষতিপুৰণৰ বাবে প্ৰস্তুত বান পীড়িতৰ তালিকাত ভয়াবহ বিসঙ্গতিৰ পাচত আজিলৈকে কৰ্তৃপক্ষৰ গা-লৰা নাই। যোৱা 28 মাৰ্চত অমিত শ্বাহ উপস্থিত থকা নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অহা জুন মাহৰ ভিতৰত বানপীড়িতৰ ধন মুকলি কৰি দিয়া হ'ব বুলি ঘোষণা কৰিছিল যদিও এইয়া নিৰ্বাচনী টোপ নে আন কিবা সেইয়া সময়েহে ক'ব।

Last Updated : Apr 19, 2019, 6:23 PM IST

ABOUT THE AUTHOR

...view details