অসম

assam

ETV Bharat / state

Assam Homoepathic College: নগাঁৱৰ হোমেওপেথিক কলেজ বন্ধ কৰিলে চৰকাৰক শান্তিত থাকিবলৈ নিদিয়াৰ হুংকাৰ NSUI ৰ - Reaction to Assam government decision

অসম চৰকাৰৰ এটা সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে নগাঁৱৰ সচেতন মহল । একত্ৰীকৰণৰ নামত নগাঁৱস্থিত অসম হোমেওপেথিক মেডিকেল কলেজ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণৰ পিছতেই ক্ষোভিত হৈ পৰিছে নগাঁওবাসী(Reaction to Assam government decision to close down AHC) । অসম হোমেওপেথিক কলেজ বন্ধ কৰিলে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে নগাঁও জিলা এন এছ ইউ আইয়ে । বিজেপি চৰকাৰৰ শাসনকালতেই মধ্য অসমবাসীক প্ৰতাৰণা কৰাৰ অভিযোগ এন এছ ইউ আইৰ ।

Govt ordered merger of AHMC in Nagaon
নগাঁৱৰ হোমেওপেথিক কলেজ বন্ধ কৰিলে চৰকাৰক শান্তিত থাকিবলৈ নিদিয়াৰ হুংকাৰ NSUI ৰ

By

Published : Nov 7, 2022, 1:45 PM IST

নগাঁও, 7 নৱেম্বৰ: একত্ৰীকৰণৰ নামত নগাঁৱৰ অসম হোমেওপেথিক মেডিকেল কলেজ বন্ধ কৰিবলৈ অসম চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে নগাঁওবাসী (Reaction to Assam government decision to close down AHC) । ১৯৬৮ চনতে ৰাইজৰ দান বৰঙণিৰে স্থাপিত নগাঁৱৰ একমাত্ৰ হোমেওপেথিক মেডিকেল কলেজ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতেই ক্ষোভিত হৈ পৰিছে নগাঁৱৰ সচেতন মহল । হোমিওপেথিক মেডিকেল কলেজত অসমৰ শিক্ষাৰ্থীৰ বাবে ৫০ খন আসন আৰু সৰ্বভাৰতীয় শিক্ষাৰ্থীৰ বাবে ১৩ খনসহ মুঠ ৬৩ খন আসন আছে ।

একত্ৰীকৰণৰ নামত নগাঁৱস্থিত অসম হোমেওপেথিক মেডিকেল কলেজ বন্ধ নকৰিবলৈ চৰকাৰক আহ্বান জনাইছে নগাঁৱৰ সচেতন মহলে । ইপিনে অসম হোমেওপেথিক মেডিকেল কলেজ বন্ধৰ সিদ্ধান্তৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰিছে কংগ্ৰেছৰ ভাতৃ সংগঠন এন এছ ইউ আই ।

নগাঁৱৰ হোমেওপেথিক কলেজ বন্ধ কৰিলে চৰকাৰক শান্তিত থাকিবলৈ নিদিয়াৰ হুংকাৰ NSUI ৰ

অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় আয়ুসকে ধৰি কেইবাটাও বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মাজৰ সংঘাতৰ পৰিণতিত নগাঁৱৰ একমাত্ৰ হোমেওপেথিক মেডিকেল কলেজ বন্ধ কৰি নগাঁওবাসীক পুনৰ প্ৰতাৰণা কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা বুলি অভিযোগ উত্থাপন কৰিছে এন এছ ইউৰ নগাঁও জিলা সমিতিয়ে । বিজেপিৰ দুই নেতাৰ সংঘাতৰ ফলতেই মধ্য অসমবাসী পূৰ্বৰ পৰাই প্ৰতাৰণাৰ বলি হৈ আহিছে বুলিও অভিযোগ উত্থাপন কৰে এন এছ ইউ আই নেতা পল্লব নাথে ।

এইমছৰ প্ৰসংগও উল্লেখ কৰি নগাঁওবাসীক প্ৰতাৰণা কৰি বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গৃহ সমষ্টিত এইমছ স্থাপন কৰাৰ কথাও উল্লেখ কৰে এন এছ ইউ আই নেতাগৰাকীয়ে । নগাঁও ইপিনে নগাঁৱৰ অসম হোমেওপেথিক মেডিকেল কলেজ বন্ধ কৰিলে তীব্ৰ আন্দোলন গঢ়ি তুলি চৰকাৰক শান্তিত থাকিব নিদিয়াৰো হুংকাৰ প্ৰদান কৰে এন এছ ইউ আইয়ে ।

উল্লেখ্য যে, নগাঁও, যোৰহাট আৰু গুৱাহাটীৰ তিনিখন হোমিওপেথিক মেডিকেল কলেজ একত্ৰীকৰণ কৰিব খুজিছে ৰাজ্য চৰকাৰে । তিনিওখন হোমিওপেথিক মেডিকেল কলেজ এক কৰিলেও নগাঁৱতে নতুনকৈ আৰম্ভ কৰাৰ দাবী তুলিছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক:চৰকাৰী বিদ্যালয় একত্ৰীকৰণৰ বিৰুদ্ধে ডিক্ৰং চাপৰিত প্ৰতিবাদ

ABOUT THE AUTHOR

...view details