নগাঁও,৮জুলাই: নগাঁৱৰ ভোগেশ্বৰী ফুকননী চৰকাৰী চিকিৎসালয়ত স্থাপন কৰা ক'ভিড হস্পিতালৰ পৰা ঘৰলৈ যোৱাৰ সময়ত ঈশিকা বৰা নামৰ মডেল গৰাকীয়ে সুস্থ হৈ চিকিৎসালয়ৰ পৰা মুকলি হোৱাৰ পিছত চিকিৎসালয়ত ব্যৱহাৰৰ বাবে দিয়া কিছু সামগ্ৰী লৈ যোৱাৰ অভিযোগত চিকিৎসালয় কৰ্তৃপক্ষই দাখিল কৰিছিল গোচৰ । চিকিৎসালয় কতৃপক্ষৰ এই অভিযোগৰ পিছতেই বুধবাৰে মডেল তথা অভিনেত্ৰী গৰাকীয়ে দিলে স্পষ্টীকৰণ । ক'ভিডমুক্ত হৈ চিকিৎসালয়ৰ পৰা ঘৰলৈ যোৱাৰ পৰত কোঠাত চিকিৎসালয় কৰ্তৃপক্ষৰ কোনো লোক উপস্থিত নথকাৰ বাবেই ভুলবশত তেওঁৰ নিজা সামগ্ৰীৰ লগতে এটা আঠুৱা আৰু হটকেছ গুছি গৈছিল । সেয়া তেওঁৰ অজানিতেহে আন সমূহ সামগ্ৰীৰ লগত গৈছিল । লগতে চিকিৎসাধীন হৈ থকাৰ সময়ত চিকিৎসালয়খনত অতি নিম্ন মানদণ্ডৰ সমগ্রী যোগান ধৰা বুলিহে অভিযোগ তুলিলে মডেলগৰাকীয়ে ।
ক'ভিড চিকিৎসালয়ৰ সামগ্ৰী পালেগৈ মডেলৰ ঘৰঃ কি কলে মডেল গৰাকীয়ে
এগৰাকী আবেদনময়ী মডেল তথা অভিনেত্ৰীৰ বিৰুদ্ধে গোচৰ । নগাঁও ভোগেশ্বৰী ফুকননী চৰকাৰী চিকিৎসালয় কৰ্তৃপক্ষই তৰিলে এই গোচৰ । ক'ভিড চিকিৎসালয়ৰ ব্যৱহাৰৰ সামগ্ৰী চোৰ কৰি ঘৰলৈ লৈ যোৱাৰ অভিযোগ ঈশিকা বৰা নামৰ মডেল তথা অভিনেত্ৰী গৰাকীৰ বিৰুদ্ধে । মডেল গৰাকীৰ মতে সেয়া ভুলবশতহে তেওঁৰ লগত গৈছিল ঘৰলৈ ।
ক'ভিড চিকিৎসালয়ৰ ব্যৱহাৰৰ সামগ্ৰী পালেগৈ মডেলৰ ঘৰ; কি কলে মডেল গৰাকীয়ে
উল্লেখ্য যে, ক'ভিড আক্ৰান্ত হৈ চিকিৎসালয়ত থকাৰ সময়চোৱাতো চিকিৎসালয় কতৃপক্ষৰ বিৰুদ্ধে ক্ষোভ উজাৰিছিল মডেল ঈশিকাই।