চামগুৰি, 17 মে': নিজৰ সমষ্টিৰ ক'ভিড পৰিস্থিতি বুজ ল'বৰ বাবে সোমবাৰে বিধায়ক ৰকিবুল হুছেইন উপস্থিত হয় চামগুৰিত । সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত পঞ্চমবাৰৰ বাবে জয়যুক্ত হোৱাৰ পাছত বিধায়কগৰাকীয়ে চামগুৰি প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত উপস্থিত হৈ চিকিৎসক তথা স্বাস্থ্যকৰ্মী সকলৰ সৈতে আলোচনাত মিলিত হৈ পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ লগতে ক'ভিড যোদ্ধা সকলক প্ৰশংসা কৰে ৷ সাম্প্ৰতিক ক'ভিড পৰিস্থিতি মোকাবিলা কৰিব পৰাকৈ কাৱৈমাৰি আৰু আমনি চিমনাবস্তী চিকিৎসালয়ক সামৰি দুখনকৈ বিনামূলীয়া এম্বুলেঞ্চ প্ৰদান কৰা হ’ব বুলি বিধায়কগৰাকীয়ে সাংবাদিকৰ আগত জানিবলৈ দিয়ে ৷
ক'ভিড পৰিস্থিতিৰ বুজ ল'বলৈ চামগুৰিত উপস্থিত বিধায়ক ৰকিবুল হুছেইন - বিনামূলীয়া এম্বুলেঞ্চ
ক'ভিড পৰিস্থিতি বুজ ল'বৰ বাবে বিধায়ক ৰকিবুল হুছেইন উপস্থিত হয় চামগুৰিত ৷ কাৱৈমাৰি আৰু আমনি চিমনাবস্তী চিকিৎসালয়ক সামৰি দুখনকৈ বিনামূলীয়া এম্বুলেঞ্চ প্ৰদান কৰাৰ কথা ঘোষণা ৷ চিকিৎসালয়কেইখনত পৰ্যাপ্ত পৰিমাণৰ মাস্ক, ছেনিটাইজাৰ আৰু গ্ল’ৱছও যোগান ধৰা হ’ব বুলি উল্লেখ কৰে বিধায়কগৰাকীয়ে ৷
ক'ভিড পৰিস্থিতি বুজ ল'বলৈ চামগুৰিত উপস্থিত বিধায়ক ৰকিবুল হুছেইন
চিকিৎসালয় কেইখনত উপস্থিত হৈ তাত থকা কৰ্মচাৰী সকলক বিধায়ক গৰাকীয়ে বিতৰণ কৰিলে মাস্ক, ছেনিটাইজাৰ আৰু গ্লৱছ ৷ উল্লেখ্য যে, ৰাজ্যখনৰ শেহতীয়া ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সমষ্টিবাসী ৰাইজক ক’ভিডৰ নীতি নিৰ্দেশনা মানি চলিবৰ বাবেও আহ্বান জনায় স্থানীয় বিধায়ক গৰাকীয়ে ।
লগতে পঢ়ক :চুমিলা ৰংহাঙপীৰ নামত কাৰ্বি ভূমিত স্থাপন হ’ব বিদ্যালয়