অসম

assam

ETV Bharat / state

চামগুৰিত বিধায়ক ৰকিবুল হুছেইনৰ খাদ্য সামগ্ৰী বিতৰণ - পাৰঘাট পানীগাঁৱ

চামগুৰি সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন শনিবাৰে চামগুৰিৰ হাঁহচৰা বৰালি গাঁৱত উপস্থিত হৈ ৩৬ টা পৰিয়ালক খাদ্য সামগ্ৰীৰ যোগান ধৰাৰ লগতে অঞ্চলটোৰ ক’ভিড ৰোগী সকলৰ স্বাস্থ্যৰ বুজ লয় ৷

Rakibul_hussain_food_distribution_at_samguri
চামগুৰিত বিধায়ক ৰকিবুল হুছেইনৰ খাদ্য সামগ্ৰী বিতৰণ

By

Published : Jun 6, 2021, 2:09 PM IST

চামগুৰি,6 জুন :নগৰ-চহৰৰ পাচত এতিয়া গাঁৱ অঞ্চলসমূহত ক’ভিডৰ গণ সংক্ৰমণ বৃদ্ধি পাব ধৰিছে ৷ চামগুৰি চাহ বাগানৰ বিভিন্ন এলেকাত ক’ভিড আক্ৰান্ত চিনাক্ত হোৱাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতি কাষৰীয়া অঞ্চলসমূহতো ভয়ানক হাৰত বৃদ্ধি পাইছে ক'ভিড ১৯ ৰ গণ সংক্ৰমণ । এই গণ সংক্ৰমণৰ বাবে উদ্বিগ্ন হৈ পৰিছে চামগুৰিৰ স্থানীয় বিধায়ক ৰকিবুল হুছেইন ।

নিজ সমষ্টিৰ সকলো অঞ্চলতে কংগ্ৰেছ নেতা হুছেইনে ধাৰাবাহিকভাৱে সহায়ৰ হাত আগবঢ়াই আহিছে । বিধায়ক ৰকিবুল হুছেইনে শনিবাৰে তেওঁৰ সমষ্টিত ক’ভিড ৰোগীসকলৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে খাদ্য সামগ্ৰীৰ যোগান ধৰে ৷

উল্লেখ্য যে, বিধায়কগৰাকীয়ে পোন প্ৰথমে পাৰঘাট পানীগাঁৱৰ মিণ্টু কলিতাৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ স্বাস্থ্যৰ বুজ লয় ৷ ইয়াৰ পাচত তেওঁ চামগুৰিৰ হাঁহচৰা গাঁৱৰ কণ্টেইনমেণ্ট জ'ন(containment zone)ত থকা লোকসকলৰ কাষত উপস্থিত হৈ ক’ভিড ৰোগীসকলৰ অৱস্থাৰ বুজ লোৱাৰ লগতে ৩৬ টা পৰিয়ালক খাদ্য সামগ্ৰীৰ যোগান ধৰে ।

লগতে পঢ়ক : ডুমডুমা বন সংমণ্ডলৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস পালন

ABOUT THE AUTHOR

...view details