অসম

assam

ETV Bharat / state

শিলাদিত্যক উভতাই আনিবলৈ বিজেপি নেতৃত্বক আহ্বান ৰাজেন গোহাঁইৰ - ৰাজেন গোহাঁই

ৰাজেন গোহাঁইয়ে ৰাজ্যিক নেতৃবৃন্দৰ দৃষ্টি আকৰ্ষণ কৰি বিষয়টো সহজভাৱে ন'লৈ অতি গুৰুত্ব সহকাৰে পৰ্যালোচনা কৰি শিলাদিত্য দেৱক দলৰ মজিয়ালৈ উভতাই অনাটো নিত্যন্তই প্ৰয়োজনীয় বুলি মন্তব্য কৰে ৷

RAJEN GOHAIN ON SILADITYA DEB
শিলাদিত্যক উভতাই আনিবলৈ বিজেপি নেতৃত্বক আহ্বান ৰাজেন গোহাঁইৰ

By

Published : Jul 13, 2020, 6:36 PM IST

নিউজ ডেস্ক, 13 জুলাই : দেওবাৰে বিজেপিৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰি দলৰ পৰা অব্যাহতি লোৱাৰ কথা ঘোষণা কৰা জ্যেষ্ঠ বিজেপি নেতা তথা হোজাইৰ বিধায়ক শিলাদিত্য দেৱক পুনৰ দললৈ উভতাই আনিবলৈ মুখ্যমন্ত্ৰীৰ লগতে বিজেপিৰ কেবাজনো জ্যেষ্ঠ নেতাক আহ্বান নগাঁও লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ ৰাজেন গোহাঁইৰ।

শিলাদিত্যক উভতাই আনিবলৈ বিজেপি নেতৃত্বক আহ্বান ৰাজেন গোহাঁইৰ

সততে বিতৰ্কিত মন্তব্য কৰি সংবাদ শিৰোনাম দখল কৰি থকা হোজাই বিধানসভা সমষ্টিৰ বিধায়ক শিলাদত্য দেৱে ৷ বিধায়কগৰাকীয়ে বিজেপিৰ পৰা অৱসৰ ল'ব বুলি কৰা ঘোষণাৰ পাছতে সামাজিক মাধ্যমযোগে প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী তথা নগাঁও লোকসভা সমষ্টিৰ সাংসদ ৰাজেন গোঁহাইয়ে বিধায়ক শিলাদিত্য দেৱে দলৰ পৰা অব্যাহতি ঘোষণা কৰা বিষয়টোত দুখ প্ৰকাশ কৰে ৷ লগতে আগন্তুক 2021 ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিধায়কগৰাকীৰ এই সিদ্ধান্তই দললৈ এক অশনি সংকেত কঢ়িয়াই আনিছে বুলিও উল্লেখ কৰে ৷

লগতে পঢ়কঃ কৰিমগঞ্জত পথ দুৰ্ঘটনা: আহত 5, নিহত 1

তদুপৰি ৰাজেন গোহাঁইয়ে ৰাজ্যিক নেতৃবৃন্দৰ দৃষ্টি আকৰ্ষণ কৰি বিষয়টো সহজভাৱে ন'লৈ অতি গুৰুত্ব সহকাৰে পৰ্যালোচনা কৰি শিলাদিত্য দেৱক দলৰ মজিয়ালৈ উভতাই অনাটো নিত্যন্তই প্ৰয়োজনীয় বুলি মন্তব্য কৰে ৷ এই ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ প্ৰত্যক্ষ হস্তক্ষেপৰ আহ্বান জনায় প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে ৷

উল্লেখ্য যে,বিজেপি দলত পুৰণি কৰ্মীক সম্প্ৰতি কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰি 14 জুলাইত আনুষ্ঠানিকভাৱে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিব বুলি দেওবাৰে এক সংবাদমেলৰ জৰিয়তে অৱগত কৰিছিল বিধায়কগৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details