ৰহা, 27 অক্টোবৰ : ৰহাৰ এগৰাকী সম্ভাৱনাপূৰ্ণ দুৰ্ভগীয়া যুৱতীৰ কাহিনী ৷ নাচি-বাগি, গীত গাই ৰাইজৰ সমাদৰ পোৱা দৰিদ্ৰ যুৱতীগৰাকী আজি ৰোগগ্ৰস্ত ৷ জটিল ৰোগত আক্ৰান্ত হৈ GNRC ত চিকিৎসাধীন হৈ আছে সকলোৱে ভালপোৱা কষ্টসহিষ্ণু 25 বছৰীয়া পিতৃহীনা এই যুৱতীগৰাকী ৷ যুৱতীগৰাকীৰ নাম নীহাৰিকা সিংহ ৷
ৰহা নগৰৰ ৰহা গাঁৱৰ নীহাৰিকা পূজাৰ আনন্দৰ মাজতে হঠাতে অসুস্থ হৈ পৰাত উন্নত চিকিৎসাৰ বাবে নিয়া হয় গুৱাহাটীলৈ ৷ চিকিৎসকে বহু পৰীক্ষাৰ অন্তত নীহাৰিকা মগজুৰ জটিল ৰোগত আক্ৰান্ত হোৱা বুলি জানিবলৈ দিয়ে ৷ বৰ্তমান নীহাৰিকা জি এন আৰ চিত চিকিৎসাধীন ৷ কিন্তু অৰ্থৰ অভাৱত পিতৃহীনা নীহাৰিকাৰ উপযুক্ত চিকিৎসা তথা ঔষধ-পাতি যোগাৰ কৰিব পৰা নাই মাতৃয়ে ৷
এবছৰৰ পূৰ্বে নীহাৰিকাই হেৰুৱাইছিল গাড়ী চলাই পৰিয়ালটোক চলোৱা পিতৃক ৷ পিতৃৰ মৃত্যুৰ পিচত ঘৰৰ সমস্ত দায়িত্ব মূৰ পাতি ল'বলগীয়া হৈছিল নীহাৰিকাই ৷ সাংস্কৃতিক ক্ষেত্ৰৰ লগতে খেলা-ধূলাতো পাৰ্গত বহু সম্ভাৱনাময় যুৱতী নীহাৰিকাই বিভিন্ন ঠাইত নৃত্য, বিহু আদি পৰিৱেশন কৰিয়েই দুটি ভাতৃক পঢ়ুওৱাৰ লগতে মাতৃৰ সৈতে চাৰিজনীয়া পৰিয়ালৰ ঘৰখন চলাই নিছিল বহু কষ্টৰে ৷ ঘৰখন চলাবলৈ টিউচনো কৰে ঘৰে ঘৰে ৷