অসম

assam

By

Published : Mar 7, 2021, 8:23 PM IST

ETV Bharat / state

বোকাজানত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ পুৰণিগুদামৰ যুৱকৰ মৃতদেহ

কাৰ্বি আংলঙৰ বোকাজানত টুকুৰা টুকুৰকৈ কাটি থোৱা অৱস্থাত নৱজ্যোতিৰ নিঠৰ দেহ উদ্ধাৰ হোৱা কথা দেওবাৰে পৰিয়ালক জানিবলৈ দিয়ে আৰক্ষীয়ে ৷ বিগত কেইবাদিন ধৰি পৰা বৃহত্তৰ চলচলি অঞ্চলৰ এজন যুৱকে চুইফ ডিজায়াৰখন ভাড়ালৈ বিচাৰি নৱজ্যোতিৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছিল বুলি জনালে পৰিয়ালৰ লোকে ৷

PURANIGUDAM MURDER CASE
বোকাজানত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ পুৰণিগুদামৰ যুৱকৰ মৃতদেহ

নগাঁও, 7 মাৰ্চ : সৰলতাৰ সুযোগ গ্ৰহণ কৰি অচিনাকি দুৰ্বিত্তই কাঢ়ি ল'লে পুৰণিগুদামৰ এজন স্বনিৰ্ভৰশীল লোকৰ প্ৰাণ ৷ শনিবাৰে পুৱা ৯ বজাত নিজৰ এ এচ-০২ পি-৩৬০২ নম্বৰৰ চুইফ ডিজায়েৰ গাড়ীখনলৈ ভাড়া মাৰিবলৈ যোৰহাটলৈ বুলি যোৱা পুৰণিগুদাম গায়ন বৈৰাগীচুকৰ নিবাসী নৱজ্যোতি ঘৰলৈ আৰু ওভতি নাহিল ৷ আহিল মাথো ক্ষত বিক্ষত মৃতদেহ । দেওবাৰে হঠাৎ আৰক্ষী প্ৰশাসনৰ পৰা পৰিয়াললৈ খবৰ আহিল কাৰ্বি আংলঙৰ বোকাজানত টুকুৰা টুকুৰকৈ কাটি থোৱা অৱস্থাত নৱজ্যোতিৰ নিঠৰ দেহ উদ্ধাৰ হোৱা কথা ৷ বিগত কেইবাদিন ধৰি পৰা বৃহত্তৰ চলচলি অঞ্চলৰ এজন যুৱকে চুইফ ডিজায়াৰখন ভাড়ালৈ বিচাৰি নৱজ্যোতিৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছিল জনালে পৰিয়ালৰ লোকে ৷

বোকাজানত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ পুৰণিগুদামৰ যুৱকৰ মৃতদেহ

শনিবাৰে পুৱা প্ৰায় ৯ বজাত চলচলিৰ ভাড়া মাৰিবলৈ যোৱা নৱজ্যোতিয়ে দুপৰীয়া প্ৰায় ১১ বজাত পত্নীলৈ ফোন কৰি সুন্দৰভাৱেই কথা পাতিছিল ৷ কিন্তু বিয়লি ৫ বজাত নৱজ্যোতিৰ ফোনৰ পৰা কোনো অচিনাকী লোকে এ টি এম কাৰ্ডৰ পাছৱৰ্ড বিচাৰি ফোন কৰাত পত্নীৰ সন্দেহ উপজে ৷ লগে লগে স্বামীৰ সৈতে কথা পাতিবলৈ উদগ্ৰীৱ হৈ পৰে পত্নী ৷ বিপৰীত ফালৰ পৰা অচিনাকি লোকজনে নৱজ্যোতি অসুস্থ হৈ থকাৰ কাৰণে নিজে গাড়ী চলাব লগা হোৱা বুলি কৈ পাছত এ টি এম কাৰ্ডৰ পাছৱৰ্ড বিচাৰি ফোন কৰিবলৈ দিয়ে ৷ সেয়াই আছিল পত্নীৰ সৈতে নৱজ্যোতিৰ শেষ কথা বতৰা । পৰিয়ালৰ বাবে সন্দেহৰ আৱৰ্তত সমস্ত ঘটনা ৷ আৰক্ষীক ঘটনাৰ সন্দৰ্ভত অৱগত কৰা হয় যদিও নিৰৱ ভূমিকা গ্ৰহণ কৰাৰ অভিযোগ কৰিছে পৰিয়ালৰ লোকে ৷

বোকাজানত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ পুৰণিগুদামৰ যুৱকৰ মৃতদেহ

লগতে পঢ়ক :বিজেপি প্ৰাৰ্থী প্ৰদানৰ দাবীত উত্তাল হাইলাকান্দি

ABOUT THE AUTHOR

...view details