নগাঁও,29 ছেপ্টেম্বৰ :শাৰদীয় বতৰত ম্লান হৈ পৰিছে চৌপাশ ৷ শৰৎ বুলিলেই ব্যস্ত হৈ পৰা মৃৎ শিল্পীৰ ৰঙৰ তুলিকা যেন আধৰুৱা হৈ ৰৈছে ৷ বিগত বৰ্ষ সমূহতকৈ এইবাৰ সম্পূৰ্ণ ব্যতিক্ৰমী হ’ব দূৰ্গা পূজা ৷ মহামাৰী কৰ’ণাৰ বাবেই বিভিন্ন স্থানত পূজাৰ আনন্দ,উল্লাস ম্লান হৈ পৰা পৰিলক্ষিত হৈছে ৷ তাৰ ব্যতিক্ৰম হোৱা নাই ধিঙতো, ৷ প্ৰতিবছৰে পূজা অহাৰ লগে লগে দিনে ৰাতিয়ে ব্যস্ত হৈ পৰে দেৱী প্ৰতিমা নিৰ্মাণ কৰা মৃৎশিল্পীসকল ৷
কিন্তু এইবেলি তাৰ বিপৰীত ছবিখনহে দেখিবলৈ পোৱা গৈছে এই শিল্পীসকলৰ ক্ষেত্ৰত ৷ দেৱী প্ৰতিমা নিৰ্মান কৰি পৰিয়াল পোহপাল দিয়া এই শিল্পীসকলে অন্যবাৰৰ তুলনাত এইবাৰ কমকৈ প্ৰতিমা নিৰ্মাণ কৰিছে ৷ কিয়নো বহু সংখ্যক উদ্যোক্তাই কৰ’ণাৰ বাবে বাতিল কৰিছে পূজা উদযাপন ৷