অসম

assam

ETV Bharat / state

ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিলে পুৰণিগুদাম শাৰদীয় শিশু গ্ৰন্থ মেলাই - পুৰণিগুদাম প্ৰেছ ক্লাৱ

ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিলে সন্ত্ৰাসবাদৰ বিৰুদ্ধে আৰম্ভ হোৱা নগাঁৱৰ পুৰণিগুদাম শাৰদীয় শিশু গ্ৰন্থ মেলাই | পুৰণিগুদাম অঞ্চলৰ ২৫ গৰাকী গণ্য-মান্য ব্যক্তিয়ে ৰূপালী জয়ন্তী উপলক্ষ্যে ২৫ খন পতাকা উত্তোলন কৰে ৷

puja book fair at Nagaon
ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিলে পুৰণিগুদাম শাৰদীয় শিশু গ্ৰন্থ মেলাই

By

Published : Oct 24, 2020, 11:07 AM IST

নগাঁও, 24 অক্টোবৰ: "পুতলা পিষ্টলৰ সলনি আপোনাৰ সন্তানক এখনকৈ গ্ৰন্থ উপহাৰ দিয়ক" এই বাণীৰে ১৯৯৬ চনত নগাঁৱৰ পুৰণিগুদামত সন্ত্ৰাসবাদৰ বিৰুদ্ধে আৰম্ভ হোৱা পুৰণিগুদাম শাৰদীয় শিশু গ্ৰন্থ মেলাই এইবাৰ ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিলে । কৰ'ণা মহামাৰীৰ বাবে সম্পূৰ্ণ ক'ভিড প্ৰটকল ৰক্ষা কৰি ২৫ খন পতাকা উত্তোলনেৰে ৰূপালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচী আৰম্ভ কৰে যদিও এইবাৰ মহামাৰী কৰ'ণাৰ বাবে গ্ৰন্থ মেলাখন পুৰণি গুদাম প্ৰেছ ক্লাৱে বাতিল কৰিছে ।

ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিলে পুৰণিগুদাম শাৰদীয় শিশু গ্ৰন্থ মেলাই

১৯৯৬ চনতে প্ৰকৃতিপ্ৰেমী সংগঠন মাইহাঙ গোষ্ঠী আৰু শৰ্মা বুক এম্পৰিয়ামৰ উদ্যোগত আয়োজিত গ্ৰন্থ মেলাখনি ২০০৮ চনৰ পৰা পুৰণি গুদাম প্ৰেছ ক্লাৱে আয়োজন কৰি আহিছে । এইবেলি ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিয়া গ্ৰন্থমেলাখনিৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠানত গ্ৰন্থ মেলাৰ মূল পতাকা উত্তোলন কৰে বিশিষ্ট সাহিত্যিক, কবি তথা মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক ড৹ নন্দ সিং বৰকলাই ৷ লগতে পুৰণি গুদাম প্ৰেছ ক্লাৱৰ পতাকাখন উত্তোলন কৰে পুৰণি গুদাম প্ৰেছ ক্লাৱৰ সভাপতি হেমন্ত শইকীয়াই । ইয়াৰ লগতে পুৰণিগুদাম অঞ্চলৰ ২৫ গৰাকী গণ্য-মান্য ব্যক্তিয়ে ৰূপালী জয়ন্তী উপলক্ষ্যে ২৫ খন পতাকা উত্তোলন কৰে । উল্লেখ্য যে, পুৰণিগুদামৰ ড৹ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰীসকলে ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠানৰ কাৰ্যসূচীসমূহত সহযোগ কৰে ৷

লগতে পঢ়ক:সম্পূৰ্ণ অসমীয়া সাজৰে পূজাৰ বেদীত দুৰ্গতিনাশিনী

ABOUT THE AUTHOR

...view details