অসম

assam

ETV Bharat / state

এবছৰ পূৰ্ণ হোৱাৰ দিশে এনআৰচিৰ চূড়ান্ত তালিকাৰ প্ৰকাশ - এবছৰ পূৰ্ণ হোৱাৰ দিশে এনআৰচিৰ চূড়ান্ত তালিকাৰ প্ৰকাশ

31 আগষ্ট 2019 ত অসমত প্ৰকাশ পাইছিল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা ৷ এই তালিকা প্ৰকাশৰ এটা বছৰ সম্পূৰ্ণ হোৱাৰ পথত ৷ তৎসত্বেও এই তালিকাত আঁসোৱাহ ৰৈ গ’ল বুলি অভিযোগ উত্থাপন কৰে একাংশই ৷ সম্প্ৰতি যেন এনআৰচি ৰূপান্তৰিত হৈছে এক উত্তৰবিহীন প্ৰশ্নলৈ ৷ সেই সন্দৰ্ভত প্ৰস্তুত কৰা এক বিশেষ প্ৰতিবেদন ৷

Publication of NRC Final List Towards Completion of One Year nagaon assam etv bharat news
এবছৰ পূৰ্ণ হোৱাৰ দিশে এনআৰচিৰ চূড়ান্ত তালিকাৰ প্ৰকাশ

By

Published : Aug 28, 2020, 4:36 PM IST

নগাঁও,28 আগষ্ট:ভাৰতীয় নাগৰিকৰ বাবে একপ্ৰকাৰ আত্মাস্বৰূপ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী ৷ বহু প্ৰত্যাশিত এনআৰচি-ৰ তালিকাত নাম সন্নিৱিষ্ট নহ’ল বহু লোকৰ ৷ তালিকাৰ পৰা নাম বাদ পৰা লোকসকলক পুনৰ নামভৰ্তিৰ সুবিধা প্ৰদানৰ কথা আশ্বস্ত কৰা হৈছিল ৷ 120 দিনৰ ভিতৰত লাভ কৰিবলগা এই সুবিধা কিন্তু আজিপৰ্যন্ত লাভ নকৰিলে ভুক্তভোগীয়ে ৷ এনে কেতবোৰ কাৰণতে এনআৰচিৰ ক্ষেত্ৰত চৰকাৰৰ বিৰুদ্ধে ন্যায়ালয়ৰ নিৰ্দেশক অৱমাননা কৰাৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে ৷ এনেদৰে বহু বাদ-বিবাদৰ মাজেৰে সম্পূৰ্ণ হোৱাৰ দিশে এনআৰচি প্ৰকাশৰ এটা বছৰ ৷

এবছৰ পূৰ্ণ হোৱাৰ দিশে এনআৰচিৰ চূড়ান্ত তালিকাৰ প্ৰকাশ

ৰাজ্যত এনআৰচি-ৰ কাম আৰম্ভ হৈছিল 2015 চনত ৷ 2018 চনৰ 30 জুলাইত প্ৰকাশ পাইছিল প্ৰথমখন খচৰা য’ত অন্তৰ্ভূক্ত হৈছিল 2,78,83,666 গৰাকী লোকৰ নাম ৷ তালিকাৰ পৰা বাদ পৰিছিল 36,26,630 গৰাকী লোক ৷ এই তালিকাত সন্দেহজনক লোকে স্থান লাভ কৰাৰ অভিযোগত বিভিন্নজনে দাখিল কৰিছিল আপত্তি ৷ এই আপত্তি দৰ্শোৱা হৈছিল 1,02,442 গৰাকী লোকৰ বিৰুদ্ধে ৷ যাৰ বাবে উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত হোৱা এনআৰচি-ৰ সম্পূৰ্ণ তালিকা প্ৰকাশৰ পূৰ্বেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছিল নাগৰিকৰ প্ৰমাণপত্ৰ পৰীক্ষণৰ কাম ৷ উক্ত প্ৰক্ৰিয়াত জড়িত হৈছিল চৰকাৰৰ 52,000 গৰাকী কৰ্মচাৰী ৷ সকলো পৰীক্ষণৰ অন্তত,2019 চনৰ 31 আগষ্টত প্ৰকাশ পাইছিল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সম্পূৰ্ণ তালিকা ৷ এই তালিকাত অন্তৰ্ভূক্ত হৈছিল 3,11,21,004 গৰাকী লোক ৷ বাদ পৰিছিল 19,06,657 গৰাকী লোক ৷

বাদ পৰা লোকসকলক বিদেশী ন্যায়াধিকৰণৰ জৰিয়তে দিয়াৰ কথা আছিল এনআৰচিৰ তালিকাত পুনৰ নামভৰ্তিৰ সুবিধা ৷ সংশ্লিষ্ট কৰ্তৃপক্ষই কম সময়ৰ ভিতৰত প্ৰত্যেককে নাম বাদ পৰাৰ কাৰণ দৰ্শাই জাননী প্ৰেৰণ কৰিব লাগিছিল যদিও আজি এবছৰে সেয়া হৈ নুঠিল ৷ এইক্ষেত্ৰত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে এনআৰচি ক লৈ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা কংগ্ৰেছী বিধায়ক নুৰুল হুদাই ৷

এতিয়া প্ৰশ্ন হৈছে, কেতিয়াৰ পৰা আৰম্ভ হ’ব এনআৰচি ৰ পৰৱৰ্তী প্ৰক্ৰিয়া? নে সঁচাকৈয়ে হিন্দু-বাংলাদেশীক নাগৰিকত্ব দিয়াৰ স্বাৰ্থত কৰা হৈছে এই গাফিলতি ৷ পৰৱৰ্তী সময়তহে এই সকলো তথ্য স্পষ্ট হোৱাৰ আশংকা প্ৰকাশ কৰিব পাৰি ৷ সম্প্ৰতি এনআৰচি ৰূপান্তৰিত হৈছে এক উত্তৰবিহীন প্ৰশ্নলৈ ৷

লগতে চাওকঃভাৰত-ম্যানমাৰ সীমান্তত আটক তিনি আলফা কেডাৰ

ABOUT THE AUTHOR

...view details