ETV Bharat Assam

অসম

assam

ETV Bharat / state

Dumper terror in Samguri: চামগুৰিত ৰাইজে আবদ্ধ কৰিলে অতিৰিক্তভাৱে শিল কঢ়িওৱা ডাম্পাৰ - তিৰিক্তভাৱে ওজন কঢ়িওৱা শিলভৰ্তি ডাম্পাৰ

চামগুৰিত অতিৰিক্তভাৱে শিল কঢ়িওৱা ডাম্পাৰৰ বিৰুদ্ধে ওলাই আহিল ৰাইজ । এইক্ষেত্ৰত ব্যৱস্থা ল'বলৈ চৰকাৰক দাবী জনাইছে স্থানীয় ৰাইজে ।

Dumper carrying excess weight in Nagaon
তিৰিক্তভাৱে ওজন কঢ়িওৱা শিলভৰ্তি ডাম্পাৰ
author img

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 6:44 PM IST

তিৰিক্তভাৱে ওজন কঢ়িওৱা শিলভৰ্তি ডাম্পাৰ

চামগুৰি, ৭ নৱেম্বৰ:নগাঁও জিলাৰ চামগুৰিত ৰাইজে আবদ্ধ কৰিলে অতিৰিক্তভাৱে শিল কঢ়িওৱা ডাম্পাৰ । বিভিন্ন সময়ত একাংশ শিল ব্যৱসায়ীয়ে নিজ মইমতালিৰে এনেদৰে অতিৰিক্ত ওজনেৰে শিলভৰ্তি ডাম্পাৰ চলাই আহিছে । ব্যক্তিগত মুনাফাৰ স্বাৰ্থত ডাম্পাৰ সমূহত অতিৰিক্তভাৱে ওজন কঢ়িয়াই চামগুৰিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা উদমাৰি - সংযোগী আৰু আমনিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা চালনা-আঞ্জুকপানী পথ দুটাৰে চলাই আহিছে শিলৰ ৰমৰমীয়া ব্যৱসায় । ৰাইজে জিলা প্ৰশাসনক এই বিষয়ে অভিযোগ উত্থাপন কৰি আহিছে যদিও আজিলৈকে প্ৰশাসনে কোনো ব্য়ৱস্থা গ্ৰহণ কৰা নাই । ইয়াৰ মাজতেই মঙলবাৰে চামগুৰিত ৰাইজে আৱদ্ধ কৰিলে কেইবাখনো শিল কঢ়িওৱা ডাম্পাৰ ।

অতিৰিক্তভাৱে শিল কঢ়িওৱা ডাম্পাৰ সমূহৰে তেজপুৰৰ বিমান কোঠলৈ শিল কঢ়িয়াই থাকে বুলি উল্লেখ কৰে ডাম্পাৰ সমূহৰ চালক সকলে । অতিৰিক্তভাৱে শিল কঢ়িয়াই থকা ডাম্পাৰ সমূহ সচেতন ৰাইজে ৰখোৱাৰ পাছতে একাংশ ডাম্পাৰৰ চালকে কঢ়িয়াই অনা অতিৰিক্ত শিল ৰাস্তাৰ কাষত পেলাই ওজন কমোৱাৰ চেষ্টা কৰে ।

আনহাতে ডাম্পাৰৰ মালিকে চালক সকলক অধিক পৰিমাণৰ শিল কঢ়িওৱালৈ বাধ্য় কৰে বুলিও কয় চালকসকলে । স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি একাংশ শিল ব্যৱসায়ীৰ লগতে শালনা আৰু উদমাৰি বন বিভাগৰ বিষয়াৰ লগত গোপন মিতিৰালি থকা বাবেই এইদৰে অতিৰিক্তভাৱে ওজন কঢ়িয়াই নিব পাৰিছে । সেইবাবে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰে নগাওঁ বন বিভাগে ।

ইপিনে, ৰাইজে অভিযোগ কৰি কয় যে এইদৰে অতিৰিক্তভাৱে ওজন কঢ়িওৱা ডাম্পাৰ সমূহ চলাচল কৰা বাবে অঞ্চলটোৰ বাট-পথৰ অৱস্থা একেবাৰে জৰাজীৰ্ণ হৈ পৰিছে । এইক্ষেত্ৰত ৰাইজে বিহীত ব্যৱস্থা ল'বলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে ।

লগতে পঢ়ক:Upcoming NC Hill Council Elections : আগন্তুক নিৰ্বাচনত ধৃতি থাওচেনক প্ৰাৰ্থীত্ব প্ৰদানৰ দাবী লাংটিং সমষ্টিৰ ৰাইজৰ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details