অসম

assam

ETV Bharat / state

ডবকাৰ শালবাগান সুৰক্ষাৰ দাবীত প্ৰকৃতিপ্ৰেমী সংগঠনৰ প্ৰতিবাদী সমদল

ডবকাৰ শালবাগান সুৰক্ষাৰ দাবীত অব্যাহত প্ৰতিবাদ । চৰকাৰৰ মৌখিক ঘোষণাত আশ্বস্ত নহয় ৰাজ্যৰ দল সংগঠন । ডবকা বনাঞ্চল সুৰক্ষাৰ দাবীত নগাঁৱত প্ৰকৃতিপ্ৰেমীৰ প্ৰতিবাদী পদযাত্ৰা ।

protest for dabaka forest
ডবকাৰ শালবাগান সুৰক্ষাৰ দাবীত প্ৰকৃতিপ্ৰেমী সংগঠনৰ প্ৰতিবাদী সমদল

By

Published : Nov 1, 2021, 10:31 AM IST

নগাঁও, 1 নৱেম্বৰ : ডবকাৰ শালবাগান সুৰক্ষাৰ দাবীত ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ ৷ বিভিন্ন দল সংগঠনৰ প্ৰতিবাদত ইতিমধ্যে চৰকাৰে শালবাগান সুৰক্ষিত কৰি ৰখাৰ কথা ঘোষণা কৰিছে ৷ কিন্তু চৰকাৰৰ এই মৌখিক ঘোষণাত আশ্বস্ত হ'ব পৰা নাই ৰাজ্যৰ বিভিন্ন দল সংগঠন ।

চৰকাৰৰ পৰা লিখিত প্ৰতিশ্ৰুতি বিচাৰি দেওবাৰে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে প্ৰকৃতিপ্ৰেমী সংগঠন পান্থতৰুৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা সমিতি, নগাঁও কুইজ ফ'ৰাম আদি সংগঠনসমূহে । দেওবাৰে ডবকা বনাঞ্চল সুৰক্ষাৰ দাবীত নগাঁও বন সংমণ্ডল বিষয়াৰ কাৰ্যালয়ৰ পৰা এক প্ৰতিবাদী পদযাত্ৰা বাহিৰ কৰে সংগঠনকেইটাই । নগাঁও বন সংমণ্ডল বিষয়াৰ কাৰ্যালয়ৰ পৰা ওলোৱা এই প্ৰতিবাদী পদযাত্ৰা কৰি প্ৰতিবাদকাৰীসকল উপস্থিত হয় ডবকা সংৰক্ষিত বনাঞ্চলত ।

প্ৰকৃতিপ্ৰেমী সংগঠনৰ প্ৰতিবাদী সমদল

প্ৰতিবাদী পদযাত্ৰাৰ জৰিয়তে ডবকা সংৰক্ষিত বনাঞ্চল সুৰক্ষিত কৰি ৰখাৰ লিখিত প্ৰতিশ্ৰুতিৰ দাবী কৰে প্ৰতিবাদকাৰী সংগঠন কেইটাই ।

লগতে পঢ়ক :তিনি নবেম্বৰত মুকলি হ'ব দিছপুৰ ফ্লাই অভাৰ

উল্লেখ্য যে, ডবকা সংৰক্ষিত বনাঞ্চলৰ বিশাল শালবাগানৰ প্ৰায় পাঁচ হাজাৰ গছ কাটি ৰাজ্য চৰকাৰে চাৰিলেনযুক্ত পথ নিৰ্মাণৰ বাবে চলাইছে প্ৰস্তুতি । একেলগে পাঁচ হাজাৰ জোপা মূল্যবান গছ কাটি পথ নিৰ্মাণৰ সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছিল প্ৰকৃতিপ্ৰেমী সংগঠনসমূহৰ লগতে ৰাজ্যৰ বিভিন্ন দল-সংগঠনসমূহ । বিভিন্ন সংগঠনে শালবাগান কটাৰ বিৰোধিতা কৰি ৰাজ্যজুৰি আৰম্ভ কৰিছিল প্ৰতিবাদ ।

প্ৰতিবাদকাৰীসকলৰ হুংকাৰ, চাৰিলেনযুক্ত পথ নিৰ্মাণৰ নামত কোনো কাৰণতে বনাঞ্চল ধ্বংস কৰিবলৈ দিয়া নহ'ব ৷ ডবকাৰ শালবাগান সুৰক্ষিত কৰি ৰখাৰ লিখিত প্ৰতিশ্ৰুতি নিদিয়া পৰ্যন্ত অব্যাহত থাকিব এই আন্দোলন ৷

লগতে পঢ়ক :নিঃশেষ হৈ যাব নেকি ডবকা সংৰক্ষিত বনাঞ্চল ?

ABOUT THE AUTHOR

...view details