মৰিগাঁও, 12 জুলাই : কৰ'ণা সন্ত্ৰাসৰ মাজতে দেওবাৰে নগাঁও জিলাৰ ধিং সমষ্টিৰ ৰাইজে বিদ্যুৎ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ দুপৰীয়া হাতে হাতে প্লেকাৰ্ড লৈ বিদ্যুৎ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে অঞ্চলবাসীয়ে ৷
অভিযোগ অনুসৰি, সমষ্টিটোৰ মৈৰাবাৰী হাস্পাতালৰ সন্মুখত শনিবাৰে বিদ্যুতৰ খুটাত জুই লাগি ৰাস্তাত তাঁৰ ছিগি পৰে ৷ লগে লগে ৰাইজে ঘটনা সন্দৰ্ভত বিদ্যুত বিভাগক অবগত কৰে ৷ কিন্তু বিদ্যুৎ বিভাগক অবগত কৰাৰ পিচতো কোনো ধৰণৰ ব্যৱস্থা নোলোৱাৰ অভিযোগ প্ৰতিবাদকাৰীৰ ৷ আনকি, বিদ্যুত বিভাগৰ গাফিলতিৰ বাবে পূৰ্বতেও কেইবাজনো লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ।