অসম

assam

ETV Bharat / state

আদানী-আম্বানীৰ বাবে কাম কৰিছে বিজেপি চৰকাৰে : প্ৰদ্যুৎ বৰদলৈ - সাংসদ প্ৰদ্যুৎ বৰদলৈ

আদানী-আম্বানীৰ স্বাৰ্থত কাম কৰিছে বিজেপি চৰকাৰে । কাগজ কলৰ কৰ্মচাৰীক আবাসগৃহ খালী কৰিবলৈ নিৰ্দেশ দি পাষাণৰ পৰিচয় দিছে চৰকাৰে । কাগজ কল আদানী আম্বানীক গতাই দিয়াৰ সন্দেহ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ।

কাগজ কলৰ কৰ্মচাৰীক আবাসগৃহ খালী কৰিবলৈ নিৰ্দেশ দি পাষাণতাৰ পৰিচয় দিছে চৰকাৰে: প্ৰদ্যুৎ বৰদলৈ
কাগজ কলৰ কৰ্মচাৰীক আবাসগৃহ খালী কৰিবলৈ নিৰ্দেশ দি পাষাণতাৰ পৰিচয় দিছে চৰকাৰে: প্ৰদ্যুৎ বৰদলৈ

By

Published : Sep 5, 2021, 7:19 PM IST

নগাঁও, 5 ছেপ্তেম্বৰ : কাগজ কলৰ কৰ্মচাৰীক আবাসগৃহ খালী কৰিবলৈ নিৰ্দেশ দিয়াৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । দীর্ঘদনে প্ৰাপ্য দৰমহাৰ পৰাও বঞ্চিত কৰ্মচাৰীক শেহতীয়াকৈ পোন্ধৰ দিনৰ ভিতৰতে আবাসগৃহ খালী কৰিবলৈ নিৰ্দেশ দি চৰকাৰে পাষাণতাৰ পৰিচয় দিছে বুলি সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰিছে প্ৰদ্যুৎ বৰদলৈয়ে ।

কাগজ কলৰ কৰ্মচাৰীক আবাসগৃহ খালী কৰিবলৈ নিৰ্দেশ দি পাষাণতাৰ পৰিচয় দিছে চৰকাৰে: প্ৰদ্যুৎ বৰদলৈ

উল্লেখযোগ্য যে, বিগত প্ৰায় ৬৫ মাহে দৰমহাৰ পৰা বঞ্চিত কাগজ কল কৰ্মচাৰীৰ এতিয়া পানীত হাঁহ নচৰা এক অৱস্থাৰ সৃষ্টি হৈছে । এনে অৱস্থাত ভূতৰ ওপৰত দানহ পৰা দি চৰকাৰে এতিয়া কাগজ কল নিলাম কৰিব বিচাৰিছে ।

তাৰমাজতে দেওবাৰে নগাঁৱৰ হয়বৰগাঁও ৰেলৱে ষ্টেচনত সৃষ্টি হোৱা যান জট সন্দৰ্ভত উত্থাপন হোৱা অভিযোগৰ বুজ ল’বলৈ উপস্থিত হৈ কেইবাটাও মন্তব্য কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । বৰ্তমানৰ বিজেপি চৰকাৰে দৰিদ্ৰ জনসাধাৰণৰ বিপৰীতে পুঁজিপতিৰ হৈ কাম কৰাৰ অভিযোগ উত্থাপন কৰিছে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ।

লগতে পঢ়কঃ উপযুক্ত চিকিৎসা সেৱাৰ পৰাও বঞ্চিত লাইকাবাসী

কাগজ কলৰ কৰ্মচাৰীক আবাসগৃহ খালী কৰিবলৈ নিৰ্দেশ দি চৰকাৰে নিৰ্দয়ৰ পৰিচয় দিয়া বুলিও মন্তব্য কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । অসমৰ কাগজ কল আদানী-আম্বানীক গতাই দিয়াৰ পৰিকল্পনা কৰিছে বুলি সন্দেহ ব্যক্ত কৰিছে সাংসদ বৰদলৈয়ে । বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰ আদানী আৰু আম্বানীৰ নিৰ্দেশতে চলি আছে বুলিও উল্লেখ কৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতি চৰকাৰ খনৰ কোনো ভ্ৰূক্ষেপ নাই বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে ।

বৰ্তমান চৰকাৰে কেৱল আদানী-আম্বানীক অধিক ধনী কৰাৰ স্বাৰ্থত কাম কৰা বুলিও কয় সাংসদ গৰাকীয়ে । চৰকাৰৰ এনে সিদ্ধান্ত প্ৰতিহত কৰিব লাগিব বুলি উল্লেখ কৰি ইয়াৰ বিৰুদ্ধে আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । এতিয়া চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে বিৰোধী কংগ্ৰেছে পৰৱৰ্তী সময়ত কি ভূমিকা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় ৷

লগতে পঢ়কঃ কিয় আৰক্ষীয়ে দুটা গুলী মাৰিছিল বিশাল চৌধুৰীলৈ; ডিচিপিৰ বৰ্ণনা

ABOUT THE AUTHOR

...view details