অসম

assam

ETV Bharat / state

নগাঁৱৰ বিভিন্ন স্থানত প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা আঁচনিৰ শুভাৰম্ভ - bjp

বিশ্বৰ ভিতৰতে আটাইতকৈ বৃহৎ খাদ্য সুৰক্ষা আঁচনি হিচাপে গণ্য হোৱা এই আঁচনিৰ প্ৰধান উদ্দেশ্য হৈছে গুখীয়া আৰু অভাৱী সকলক উপযুক্ত খাদ্য যোগান ধৰা ৷ বুধবাৰে পশ্চিম শেনচোৱা আৰু বেবেজীয়াৰ বৰহোলাত শুভাৰম্ভ কৰা হয় প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা নামৰ এই আঁচনিখনৰ ৷

নগাঁৱৰ বিভিন্ন স্থানত প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা আঁচনিৰ শুভাৰম্ভ
নগাঁৱৰ বিভিন্ন স্থানত প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা আঁচনিৰ শুভাৰম্ভ

By

Published : Oct 28, 2021, 8:58 AM IST

চামগুৰি, 28 অক্টোবৰ: বুধবাৰে পশ্চিম শেনচোৱা আৰু বেবেজীয়াৰ বৰহোলাত শুভাৰম্ভ কৰা হয় প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা আঁচনিখনৰ । নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত ভাৰতীয় জনতা দলৰ খাগৰিজান মণ্ডলৰ উদ্যোগত প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা আঁচনি সমিতিৰ সহযোগত গৰীৱ কল্যাণ অন্ন যোজনাৰ অধীনত ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী হিতাধিকাৰীক বিনামূলীয়া চাউল বিতৰণ কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয় ।

নগাঁৱৰ বিভিন্ন স্থানত প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা আঁচনিৰ শুভাৰম্ভ

কাছমাৰী সমবায় সমিতিৰ অন্তৰ্গত পশ্চিম শেনচোৱাস্থিত মণ্টু কুমাৰ নাথ আৰু বেবেজীয়া বৰহোলাস্থিত ডিম্বেশ্বৰ বৰাৰ সুলভ মূল্যৰ দোকান প্ৰাঙ্গনত আয়োজিত তথা খাগৰিজান মণ্ডল সমিতিৰ সভাপতি হৰিচৰণ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত ভাৰতীয় জনতা দলৰ নগাঁও জিলাৰ গৰীৱ কল্যাণ অন্ন যোজনা সমিতিৰ আহ্বায়ক তথা খাগৰিজান মণ্ডলৰ প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা আঁচনিৰ প্ৰভাৰী বিশ্বজিৎ শইকীয়া, খাগৰিজান মণ্ডল প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা আঁচনি সমিতিৰ আহ্বায়ক চুনিল বৰা, সহ-আহ্বায়ক বিদ্যুৎ কুমাৰ বৰদলৈ, সদস্যদ্বয় ক্ৰমে দীপু দাস আৰু গুণ শৰ্মা, খাগৰিজান মণ্ডলৰ সা :সম্পাদক অপূৰ্বজ্যোতি সন্দিকৈ উপস্থিত থকাৰ লগতে প্ৰতিখন সুলভ মূল্য দোকানৰ অন্তৰ্গত প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা সমিতিৰ সদস্য-সদস্যা সকল উপস্থিত থাকে ।

নগাঁৱৰ বিভিন্ন স্থানত প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা আঁচনিৰ শুভাৰম্ভ

বিশ্বৰ ভিতৰতে আটাইতকৈ বৃহৎ খাদ্য সুৰক্ষা আঁচনি হিচাপে চিহ্নিত হোৱা এই আঁচনিৰ প্ৰধান উদ্দেশ্য হৈছে দুখীয়া আৰু অভাৱী সকলক উপযুক্ত খাদ্য যোগান ধৰা ৷ দেশত হোৱা ক’ভিডসৃষ্ট পৰিস্থিতিৰ সময়চোৱাত অৰ্থাৎ 2020 চনৰ এপ্ৰিল মাহৰ পৰা আৰম্ভ কৰা এই আঁচনিখন তিনি মাহ সময়ৰ বাবে ঘোষণা কৰা হৈছিল যদিও বৰ্তমানেও কাৰ্যকৰী হৈ আছে আঁচনিখন ৷ ৰেচন কাৰ্ড থকা দেশৰ প্ৰায় 80 কোটি লোকক সামৰি লোৱা এই আঁচনিৰ জড়িয়তে মাহে প্ৰতিঘৰ মানুহক 5 কিলগ্ৰামকৈ চাউল অথবা ঘেহু, 1 কিলগ্ৰামকৈ দাইল সম্পূৰ্ণ বিনামূলীয়াকৈ যোগান ধৰি অহা হৈছে ৷

লগতে পঢ়ক:বৰুৱা দম্পতীৰ হত্যাকাণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details