অসম

assam

By

Published : Jul 2, 2020, 5:44 PM IST

ETV Bharat / state

লাইন্স ক্লাৱৰ বিনামূলীয়া পি পি ই কিট বিতৰণ

কৰ'ণা মহামাৰীৰ সময়ত প্ৰশংসনীয় পদক্ষেপ নগাঁও লাইন্স ক্লাৱৰ। বিনামূলীয়াকৈ বিতৰণ ১৫ লাখ টকাৰ পি পি ই কিট।নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ চিকিৎসক, চিকিৎসাকৰ্মীৰ মাজত বিতৰণ কৰা হয় পি পি ই কিটসমূহ

ppe kit distibution at nagoan  liance clube at nagoan  bhugaswari phukanoni civil hospital
লাইন্স ক্লাৱৰ পি পি ই কিট বিতৰণ

নগাঁও,2জুলাইঃ কৰ'ণা মহামাৰীৰ সংকটৰ সময়ত এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে নগাওঁ লাইন্স ক্লাৱে। আন্তঃৰাষ্ট্ৰীয় লাইন্স ফাউণ্ডেশ্যনৰ সহযোগত অসম,মণিপুৰত বিনামূলীয়াকৈ বিতৰণ কৰে ১৫ লাখ টকাৰ পি পি ই কিট। কোভিড-19 যুদ্ধত জড়িত চিকিৎসক স্বাস্থ্য কৰ্মীৰ মাজত বিতৰণ কৰে পি পি ই কিটসমূহ। অসমতে বিতৰণ কৰে ৮০০ পি পি ই কিট।

লাইন্স ক্লাৱৰ পি পি ই কিট বিতৰণ

বৃহস্পতিবাৰে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ চিকিৎসক, চিকিৎসাকৰ্মীৰ মাজত বিতৰণ কৰা হয় পি পি ই কিটসমূহ । আনুষ্ঠানিকভাৱে জিলা উপায়ুক্ত যাদৱ শইকীয়া, স্থানীয় বিধায়ক ৰূপক শৰ্মাৰ উপস্থিতিত পি পি কিটসমূহ বিতৰণ কৰা হয় বুলি জানিব পৰা গৈছে।

লাইন্স ক্লাৱৰ পি পি ই কিট বিতৰণ

ইপিনে অসমত এতিয়া কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই হৈছেগৈ 8955 গৰাকী ৷ এতিয়ালৈ আৰোগ্য হৈ উঠিছে 5831 গৰাকী লোক ৷ আনহাতে ৰাজ্যখনত বৰ্তমানলৈকে 12 জন লোকৰ কোভিডত মৃত্যু হৈছে ৷ ৰাজ্যখনত এতিয়াও সক্ৰিয় হৈ আছে মুঠ 3109 টা ঘটনা ৷ 1 জুলাইত ৰাজ্যখনত মুঠ 548 টা আক্ৰান্তৰ ঘটনা পোহৰলৈ আহিছে ৷

লাইন্স ক্লাৱৰ পি পি ই কিট বিতৰণ

লগতে পঢ়কঃ পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details