অসম

assam

By

Published : Jul 13, 2021, 3:31 PM IST

ETV Bharat / state

জলসম্পদ বিভাগৰ 'চোৰ গ'লে বুদ্ধি, বৰষুণ গ'লে জাপি' নীতি

জলসম্পদ বিভাগে যন্ত্ৰচালিত নাঁৱৰ পৰা যধে-মধে লুইতৰ বুকুত পেলাইছে কোটি টকীয়া আঁচনিৰ পাৰ্কুপাইন । তাকে দেখি ক্ষুব্ধ হৈ পৰিছে নৈ-পৰীয়া ৰাইজ ।

জলসম্পদ বিভাগৰ 'চোৰ গ'লে বুদ্ধি, বৰষুণ গ'লে জাপি' নীতি
জলসম্পদ বিভাগৰ 'চোৰ গ'লে বুদ্ধি, বৰষুণ গ'লে জাপি' নীতি

কলিয়াবৰ, 13 জুলাই :কলিয়াবৰৰ শিলঘাটৰ ৰবৰবাৰীত গৰাখহনীয়া (Erosion)ই ব্যাপক ৰূপ ধাৰণ কৰিছে । জলসম্পদ বিভাগে (Water Resources Department) পাৰ্কুপাইন (Porcupine)দি ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া (Bank erosion of the Brahmaputra River) ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ৷ বিভাগটোৰ এই ব্যৱস্থাই কিন্তু অঞ্চলটোৰ স্থানীয় লোকক আশ্বস্ত কৰাৰ পৰিবৰ্তে প্ৰতিক্ৰিয়াৰ হে সৃষ্টি কৰিছে ৷ অঞ্চলটোৰ দীৰ্ঘদিনীয়া সমস্যাৰ স্থায়ী সমাধানৰ পৰিবৰ্তে জলসম্পদ বিভাগে (Water Resources Department)ভৰ বাৰিষাৰ মাজতেই পাৰ্কুপাইন দি খহনীয়া সমাধানৰ চেষ্টা কৰাত স্থানীয় লোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

জলসম্পদ বিভাগৰ 'চোৰ গ'লে বুদ্ধি, বৰষুণ গ'লে জাপি' নীতি

জলসম্পদ বিভাগ (Water Resources Department)ৰ 'চোৰ গ'লে বুদ্ধি, বৰষুণ গ'লে জাপি' নীতিৰ বাবে শিলঘাটৰ বৃহৎ অঞ্চল এতিয়া ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ দিশত । বিভাগটোৱে যন্ত্ৰচালিত নাঁৱৰ পৰা যধে-মধে লুইতৰ বুকুত পেলাইছে কোটি টকীয়া আঁচনিৰ পাৰ্কুপাইন । তাকে দেখি ক্ষুব্ধ হৈ পৰিছে নৈ-পৰীয়া ৰাইজ ।

জলসম্পদ বিভাগৰ 'চোৰ গ'লে বুদ্ধি, বৰষুণ গ'লে জাপি' নীতি

ৰবৰবাৰী গাঁৱৰ লগতে শিলঘাটস্থিত অসম সমবায় মৰাপাট কলৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা এই ভয়ঙ্কৰ খহনীয়া এনেধৰণৰ নিম্নমানৰ কামেৰে নিয়ন্ত্ৰণ সম্ভৱ নহয় বুলি মত প্ৰকাশ কৰিছে শিলঘাটবাসীয়ে । বিগত চাৰিবছৰ ধৰি গৰাখহনীয়া ৰোধৰ বাবে পাৰ্কুপাইনৰ ব্যৱস্থা কৰাৰ পিচতো অঞ্চলটোত অব্যাহত খহনীয়া ৰোধৰ বাবে গাইড-বান্ধ দিবলৈ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা(Water Resources Minister Pijush Hazarika)ক আহ্বান স্থানীয় লোকে ।

লগতে পঢ়ক :ভিডিঅ' ভাইৰেল কৰা যুৱকৰ বিৰুদ্ধে গোচৰ ৰুজু

ABOUT THE AUTHOR

...view details