কঠিয়াতলীত পথ নিৰ্মাণত চৰম অনিয়ম, খড়্গহস্ত ৰাইজ - poor road condition at barhampur
উপায়ুক্তলৈ অভিযোগ দাখিল স্থানীয় ৰাইজৰ, ২০ লাখ টকাৰ ব্যয়ৰে নিৰ্মাণ হ'বলগীয়া এটা চি চি ব্লকৰ পথত ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ
নগাঁও, 10 এপ্ৰিলঃ নগাঁৱৰ কঠিয়াতলীত পথ নিৰ্মাণত অনিয়ম ৷ পথ নিৰ্মাণৰ বিসংগতিৰ বাবে উপায়ুক্তলৈ অভিযোগ স্থানীয় ৰাইজৰ ৷ পথ নিৰ্মাণ সম্পূৰ্ণ নকৰিলে ভোট বৰ্জনৰ হুংকাৰ স্থানীয় ৰাইজৰ ৷ এনৰেগা আঁচনিৰ অধীনত নিৰ্মিত নগাঁৱৰ কঠিয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত লালুংগাঁও পঞ্চায়তবাসীয়ে পথ নিৰ্মাণৰ বিসংগতি দৰ্শাই উপায়ুক্তক দাখিল কৰিছে অভিযোগ ৷ ৰাইজৰ অভিযোগ অনুসৰি, পঞ্চায়ত খনৰ ২নং ৱাৰ্ডৰ এম জি এনেৰেগা আঁচনিৰ অধীনত ২০ লাখ টকাৰ ব্যয়ৰে নিৰ্মাণ হ'বলগীয়া এটা চি চি ব্লকৰ পথত সংঘটিত হৈছে ব্যাপক কেলেংকাৰী ৷ পথ নিৰ্মাণৰ বাবে আবণ্টিত ধন ঠিকাদাৰে আত্মসাৎ কৰি মাত্ৰ কেই ট্ৰাকমান মাটি পেলাইয়েই কাম সামৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ এই নিম্নমানৰ কামৰ ফলত এজাক বৰষুণতেই বোকাময় হৈ পৰা পথটোৱে আহুকালৰ সৃষ্টি কৰে জনসাধাৰণৰ যাতায়াতত ৷ অনতিপলমে পথছোৱাৰ মেৰামতি নকৰিলে লোকসভা নিৰ্বাচনত ভোট বৰ্জন কৰাৰ হুংকাৰ প্ৰদান কঠিয়াতলী ৰাইজৰ ৷