আমগুৰি, 11 ছেপ্টেম্বৰঃপ্ৰহসনত পৰিণত হৈছে আমগুৰিৰ চোমদাৰ কুকুৰাছোৱা পানী যোগান আঁচনি ৷ বিগত 10 বছৰে বিকল হৈ আছে কুকুৰাছোৱা পানী যোগান আঁচনিখন ৷ যাৰ ফলত তিনি খনকৈ গঁঞা ৰাইজে বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে৷
এটা দশক ধৰি পৰিত্যক্ত আমগুৰিৰ কুকুৰাছোৱা পানী যোগান আঁচনি
ফলত তিনি খনকৈ গঞা ৰাইজে বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে৷
পৰিত্যক্ত আমগুৰিৰ কুকুৰাছোৱা পানী যোগান আঁচনি
হাবি বনে আৱৰি ধৰা আঁচনিখন যোৱা 10 বছৰে পৰিত্যক্ত হৈ থকাত মেচিনসমুহ জহি-খহি যাবলৈ ধৰিছে । সেয়ে স্থানীয় সচেতন মহলে পানী যোগান আঁচনি খন আৱৰি ধৰা হাবি-বন বোৰ কাটি বাম খেতিৰ বাবে উপযোগী কৰি তুলিছে । ইপিনে স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি আমগুৰিৰ বিয়াগোম জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া কৰ্মচাৰী সকল কুম্ভকৰ্ণ নিদ্ৰাত থকাৰ বাবে একপ্ৰকাৰ এৰাবাৰীত পৰিণত হৈছে চোমদাৰ কুকুৰাছোৱা পানী যোগান আঁচনিখন৷