অসম

assam

এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশৰ প্ৰাকক্ষণত নগাঁও আৰক্ষীৰ গুৰুত্বপূৰ্ণ বৈঠক

By

Published : Aug 29, 2019, 7:31 PM IST

বৃহস্পতিবাৰে অৰ্ধ সামৰিক বাহিনীৰ উচ্চ পদস্থ বিষয়াৰ সৈতে নগাঁও আৰক্ষীৰ গুৰুত্বপূৰ্ণ বৈঠক

নগাঁও আৰক্ষীৰ গুৰুত্বপূৰ্ণ বৈঠক

নগাঁও,29 আগষ্টঃ এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশৰ বাবে মাজত মাত্ৰ এটা দিন ৷ এন আৰ চি ৰ চূড়ান্ত তালিকা প্ৰকাশৰ বাবে নগাঁৱত কটকটীয়া কৰি তুলিছে নিৰাপত্তা ব্যৱস্থা । নগাঁৱত উপস্থিত হৈছে নিৰাপত্তাৰক্ষীৰ অতিৰিক্ত দহটা কোম্পানী । বৃহস্পতিবাৰে নগাঁও আৰক্ষী চাউনিৰ সভা কক্ষত নগাঁও জিলা আৰক্ষী বিষয়া আৰু অৰ্ধসামৰিক বাহিনীৰ উচ্চ পদস্থ বিষয়াৰে এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । নগাঁও জিলাৰ মুঠ ১৮৩ টা এন আৰ চি সেৱাকেন্দ্ৰতে নিৰাপত্তাৰক্ষী মোতায়েন কৰাৰ কথা উল্লেখ কৰিছে নগাঁও জিলা আৰক্ষী অধীক্ষক শংকৰ ব্ৰত ৰায় মেধিয়ে । নগাঁৱত শান্তি শৃংখলা অটুট থাকিব বুলি আশাবাদী আৰক্ষী অধীক্ষকজন । কোনো দুষ্টচক্ৰই অশান্তি বিয়পোৱাৰ চেষ্টা কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰে আৰক্ষী অধীক্ষকে ।

নগাঁও আৰক্ষীৰ গুৰুত্বপূৰ্ণ বৈঠক

ABOUT THE AUTHOR

...view details