নগাঁও, 27 এপ্ৰিলঃ নগাঁৱত পশু পালন বিভাগৰ বিৰুদ্ধে সৰৱ গাহৰি পালক ৷ গাহৰি ফিভাৰৰ বিৰুদ্ধে চৰকাৰৰ পশু পালন বিভাগে কোনো গুৰুত্ব নোলোৱাৰ অভিযোগ একাংশ গাহৰি পালকে ৷
শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁৱতো ছোৱাইন ফিভাৰত আক্ৰান্ত হৈ বহু গাহৰি মৃত্যু মুখত পৰিছে ৷ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে গাহৰি পালক সকলৰ মাজত ৷ কিন্তু চৰকাৰৰ পশু পালন বিভাগটোৱে উপযুক্ত কোনো ধৰণৰ ব্যৱস্থা নোলোৱাৰ অভিযোগ তুলিছে নগাঁও জিলাৰ একাংশ গাহৰি পালকে ৷ তাৰোপৰি,গাহৰিৰ ছোৱাইন ফিভাৰৰ বাবে উপযুক্ত দৰৱ অসমত পোৱা নাযায় বুলি অভিযোগ কৰে স্থানীয় গাহৰি পালকে ৷ তদুপৰি গাহৰি পালকে গাহৰি ফাৰ্ম খুলিবলৈ উন্নত জাতৰ পোৱালীৰ বাবে হাহাকাৰ কৰিব লগীয়া হয় ৷