অসম

assam

By

Published : Oct 18, 2022, 9:19 PM IST

ETV Bharat / state

Phulguri Dhewa at Raha: ভাৰতৰ প্ৰথম কৃষক বিদ্ৰোহ ফুলগুৰি ধেৱা দিৱস পালন

ফুলগুৰি ধেৱা স্মৃতি ৰক্ষা সমিতি (Phulguri Dhewa Smruti Raksha Samiti )আৰু অসম জাতীয় পৰিষদৰ যৌথ উদ্যোগত ফুলগুৰি ধেৱা দিৱস উদযাপন । এই উপলক্ষে আয়োজিত সভাত ৰজাঘৰীয়াই ভাৰতৰ প্ৰথম কৃষক বিদ্ৰোহ ফুলগুৰি ধেৱা আয়োজন কৰিবলৈ সাহস কৰিব পৰা নাই বুলি চৰকাৰক কঠোৰ সমালোচনা এজেপিৰ সভাপতি লুৰীণজ্যোতি গগৈৰ ।

Phulguri Dhewa at Raha
ভাৰতৰ প্ৰথম কৃষক বিদ্ৰোহ ফুলগুৰি ধেৱা দিৱস পালন

ৰহা, ১৮ অক্টোবৰ:চৰকাৰীভাৱে আজিও উপেক্ষিত হৈ ৰ'ল ঐতিহাসিক কৃষক বিদ্ৰোহ ফুলগুৰি ধেৱা (Peasant Revolt Fulguri Dhewa)। ১৮৬১ চনতে বৃটিছৰ শোষণ নীতিৰ বিৰুদ্ধে বিদ্ৰোহ কৰি প্ৰাণ আহুতি দিয়া ফুলগুৰি ধেৱাৰ শ্বহীদে নাপালে উপযুক্ত সন্মান ।

ফুলগুৰি ধেৱা স্মৃতি ৰক্ষা সমিতি (Phulguri Dhewa Smruti Raksha Samiti )আৰু অসম জাতীয় পৰিষদৰ (Assam Jatiya Parisad) যৌথ উদ্যোগত মঙলবাৰে দিনযোৰা কাৰ্যসূচীৰে ফুলগুৰি ধেৱা দিৱস উদযাপন কৰা হয় । ফুলগুৰিৰ ৰাইজমেল ভৱনত (Raijmel Bhawan in Phulguri) অনুষ্ঠিত এই দিৱসৰ পুৱা অসম জাতীয় পৰিষদৰ পতাকা উত্তোলন আৰু ফুলগুৰি ধেৱা স্মৃতি ৰক্ষা সমিতিৰ পতাকা উত্তোলনৰ পিছতেই ফুলগুৰি ধেৱা স্মৃতিসৌধত বন্তি প্ৰজ্বলন কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে । আনহাতে, স্মৃতি তৰ্পণ কৰে এজেপিৰ উপ-সভাপতি চমচেৰ সিঙে ।

ভাৰতৰ প্ৰথম কৃষক বিদ্ৰোহ ফুলগুৰি ধেৱা দিৱস পালন

ইয়াৰ পিছতে ঐতিহাসিক কৃষক বিদ্ৰোহৰ স্মৃতি বিজড়িত মানুহ পোৰা বিলত বন্তি প্ৰজ্বালন কৰে এজেপিৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা আৰু যোৰহাট মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹দেবব্ৰত শৰ্মাই । দুপৰীয়া অনুষ্ঠিত হয় মুকলি সভা ।

উক্ত সভাত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰি এজেপিৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে বৃটিছৰ শোষণ আৰু বৰ্তমান বিজেপি চৰকাৰৰ শোষণৰ সামঞ্জস্য় আছে বুলি মন্তব্য কৰে । বৰ্তমান বিজেপি চৰকাৰে সকলোতে কৰ-কাটল বৃদ্ধি কৰি জনতাক শোষণ কৰা বুলি মন্তব্য় কৰি এজেপিৰ সভাপতিগৰাকীয়ে ৰজাঘৰীয়াই ভাৰতৰ প্ৰথম কৃষক বিদ্ৰোহ ফুলগুৰি ধেৱা আয়োজন কৰিবলৈ সাহস কৰিব পৰা নাই বুলি চৰকাৰক কঠোৰ সমালোচনা কৰে । লগতে ঐতিহাসিক ফুলগুৰি ধেৱাক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দাঙি ধৰিব নোৱাৰাতো চৰকাৰৰ ব্যৰ্থতা বুলি তেওঁ মন্তব্য কৰে ।

উল্লেখ্য় যে ১৮৬১ চনৰ ১৮ অক্টোবৰত ইংৰাজৰ শোষণ নিস্পেষণ তথা অন্যায় কৰ নীতিৰ বিৰুদ্ধে বৃহত্তৰ ৰহা অঞ্চলৰ কৃষক ৰাইজৰ যি বিদ্ৰোহ হৈছিল পৰৱৰ্তী কালত সেয়া ফুলগুৰি ধেৱা নামেৰে পৰিচিত হয় । এই বিদ্ৰোহৰ ফলশ্ৰুতিত বৃটিছৰ গুলীত প্ৰাণ হেৰুৱাইছিল বহু লোকে। পংগু হৈছিল চহা খেতিয়ক । কিন্তু চৰকাৰীভাৱে নহ'লেও ভাৰতবৰ্ষৰ ইতিহাসত বৃটিছৰ বিৰুদ্ধে কৰা এই প্ৰথম কৃষক বিদ্ৰোহৰ শ্বহীদসকলক সোঁৱৰি প্ৰতি বছৰে ১৮ অক্টোবৰত ফুলগুৰি ধেৱা দিৱস উদযাপন কৰি আহিছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক:Water supply project in Guwahati: পানী যোগান প্ৰকল্পৰ কাম শীঘ্ৰ সম্পূৰ্ণ কৰ্ণ ৰাৰ দাবী মহানগৰ উন্নয়ন সমিতিৰ

ABOUT THE AUTHOR

...view details