কলিয়াবৰ, 11 এপ্ৰিল :দুই এটা স্থানত ই ভি এমত বিসঙ্গতি ধৰি পৰিলেও সামগ্ৰিকভাৱে শান্তিপূৰ্ণ হয় কলিয়াবৰ বিধানসভা সমষ্টিত ভোট গ্ৰহণ ৷ বৃহস্পতিবাৰে সপ্তদশ লোক সভা নিৰ্বাচনত 11 নং কলিয়াবৰ লোক সভা সমষ্টিৰ অন্তৰ্গত কলিয়াবৰ বিধান সভা সমষ্টিটোৰ ভোট দানৰ শেহতীয়া হাৰ 75%৷
সামগ্ৰিকভাৱে শান্তিপূৰ্ণ কলিয়াবৰৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া - ভোটগ্ৰহণ প্ৰক্ৰিয়া
163 নং সোণাজুৰি মধ্য ইংৰাজী বিদ্যালয়ৰ ভোট গ্ৰহণ কেন্দ্ৰত ই . ভি. এম.ৰ বিসঙ্গতিৰ বাবে ভোট গ্ৰহণত ব্যাঘাট জন্মে যদিও ভোটিং মেছিন সলনি কৰি পুনৰ ভোট গ্ৰহণ আৰম্ভ হয় । আনহাতে, বৰভগীয়া, বৰঘূলী ভোট গ্ৰহণ কেন্দ্ৰত ই ভি এম.ত বিসঙ্গতি ধৰা পৰে যদিও মেৰামতিৰ পিচত পুনৰ ভোট গ্ৰহণ আৰম্ভ হয়। পাঁচ বজালৈকে 75% ভোট দান ৷
163 নং সোণাজুৰি মধ্য ইংৰাজী বিদ্যালয়ৰ ভোট গ্ৰহণ কেন্দ্ৰত ই . ভি. এম.ৰ বিসঙ্গতিৰ বাবে ভোট গ্ৰহণত ব্যাঘাট জন্মে। ভোটিং মেছিন সলনি কৰি পুনৰ ভোট গ্ৰহণ আৰম্ভ হয়। আনহাতে, বৰভগীয়া, বৰঘূলী ভোট গ্ৰহণ কেন্দ্ৰত ই ভি এম.ত বিসঙ্গতি ধৰা পৰে যদিও মেৰামতিৰ পিচত পুণৰ ভোট গ্ৰহণ আৰম্ভ হয়। কলিয়াবৰৰ কুঁৱৰীটোল উচ্চ মাধ্যমিক বিদ্যালয়ৰ পশ্চিম খণ্ড আৰু উত্তৰ খণ্ডৰ ভোট গ্ৰহণ কেন্দ্ৰ দুটা মহিলা বিষয়া-কৰ্মচাৰীয়ে সুচাৰুৰূপে পালন কৰে। পাঁচ বজালৈকে 75% ভোট দান হৈছে বুলি জানিব পৰা গৈছে যদিও এই শতাংশ বঢ়াৰ সম্ভাৱনা আছে।