অসম

assam

ETV Bharat / state

সংকটত দ্বিতীয় শুৱালকুছি খ্যাত জাজৰি গাঁৱৰ বস্ত্ৰশিল্প - pandemic affected hand loom

দ্বিতীয়খন শুৱালকুছি হিচাপে পৰিগণিত এখন গাঁও ৷ য'ত ঘৰে ঘৰে আছে তাঁতশাল ৷ এই গাঁৱৰ প্ৰতিটো পৰিয়ালৰ উপাৰ্জনৰো অন্যতম বাট তাঁতশাল ৷

pandemic affected hand loom
pandemic affected hand loom

By

Published : Jul 11, 2020, 8:24 PM IST

Updated : Jul 11, 2020, 9:45 PM IST

নগাঁও, 11 জুলাইঃ অসমীয়াৰ স্বাভিমান গামোচাকে ধৰি পাট-মুগাৰ বিভিন্ন কাপোৰ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে, আমেৰিকা, চীন, জাপান আদি দেশলৈও পঠিয়াবলৈ সক্ষম হৈছে নগাঁৱৰ জাজৰি গাঁৱৰ শিপিনীয়ে ৷ নগাঁৱৰ জাজৰি গাঁৱক ক'ব পাৰি অসমৰ দ্বিতীয়খন শুৱালকুছি বুলি ৷ ১৮২৬ চনতে স্থাপিত গাঁওখনত সেই সময়ৰ পৰাই চলি আহিছে কাপোৰ বোৱা পৰম্পৰা ৷ যাৰ বাবে আজি হস্ততাঁত বস্ত্ৰশিল্পৰ ক্ষেত্ৰখনত আছে এই গাঁৱৰ এক সুকীয়া পৰিচয় ৷

হস্ততাঁত বস্ত্ৰশিল্পৰ ক্ষেত্ৰখনত আছে এই গাঁৱৰ এক সুকীয়া পৰিচয়

এই ঐতিহাসিক গাঁৱৰ মহিলাই ১৯৪২ চনত মহাত্মা গান্ধীৰ অসহযোগ আন্দোলনৰ কালছোৱাত, নিজে তৈয়াৰ কৰা খদ্দৰ কাপোৰ পৰিধান কৰি আন্দোলনত ভাগ লৈছিল ৷ ১৯৬১ চনতে জাজৰি মুছলমান গাঁও সমবায় সমিতি নামেৰে এখন সমবায় গঠন কৰি শিপিনীসকলে গ্ৰহণ কৰিছিল আন এক পদক্ষেপ ৷ গাঁওখনৰ শিপিনীক সূতা যোগান ধৰাৰ পৰা আৰম্ভ কৰি প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছিল এই সমাবায় সমিতিৰ উদ্যোগত ৷ বৰ্তমানে অন্য তিনিটা বোৱাকটা সমবায় সমিতিৰ অধীনত গাঁওখনৰ শিপিনী সকলে অসমীয়া পোছাক তৈয়াৰ কৰি বিক্ৰী কৰি আহিছে ৷ বহুদিন পূৰ্বেই লাভ কৰা চৰকাৰী অনুদানেৰে এতিয়া চলাই আছে বোৱাকটা সমবায় সমিতি ৷গাঁওখনৰ তাঁতশিল্পৰ ব্যৱস্থাটোক ভিন্ন ৰাজনৈতিক দলে কেৱল নিৰ্বাচনৰ সময়ত মনত পৰে বুলি অভিযোগ উত্থাপন হৈছে ৷ কিয়নো আজিলৈ এখন সুচল বজাৰ ব্যৱস্থা নাই অঞ্চলটোত ৷ ইতিমধ্যে নষ্ট হৈছে মুগাৰ ফাৰ্মখনো ৷

দ্বিতীয়খন শুৱালকুছি হিচাপে পৰিগণিত এখন গাঁও

সম্প্ৰতি বহু অসুবিধাৰ সন্মুখীন হৈছে এই গাঁৱৰ শিপিনীসকল ৷ বহু অভাৱে সংকট নমাই আনিছে তেওঁলোকৰ এই আপুৰুগীয়া শিল্পলৈ ৷ মাকুৰ শব্দৰে গুঞ্জৰিত এই গাঁৱৰ ৩০ শতাংশ পৰিয়াল আজিও নিৰ্ভৰশীল তাঁতশালত ৷ কিন্তু চৰকাৰৰ অৱহেলা আৰু আৰু লক ডাউনে সম্প্ৰতি বিপৰ্যস্ত কৰিছে তাঁতশিল্পৰ সৈতে জড়িত গাওঁবাসীক ৷

এই গাঁৱৰ প্ৰতিটো পৰিয়ালৰ উপাৰ্জনৰো অন্যতম বাট তাঁতশাল

লগতে পঢ়কঃকেনেদৰে চলিছে ৰনথলীৰ কেঁচা সোণৰ অসমীয়া গহণাৰ উদ্যোগ

Last Updated : Jul 11, 2020, 9:45 PM IST

ABOUT THE AUTHOR

...view details