নগাঁও, 17 জুলাইঃ কৰ'ণাৰ ক্ষেত্ৰত অধিক ভয়াৱহ দিশে আগবাঢ়িছে নেকি ৰাজ্য ? কেৱল সামাজিক দুৰত্ব আৰু মাস্ক ব্যৱহাৰেৰে কৰ'ণাক বাধা প্ৰদানৰ চেষ্টা কিমান যুক্তি সম্পন্ন ? দিনে দিনে অধিক গণ সংক্ৰমণৰ কাৰণ কি ? ই টিভি ভাৰতৰ এক প্ৰতিবেদনত পোহৰলৈ আহিছে কৰ'ণা সংক্ৰান্তত কিছু তথ্য ৷
কিছু দায়িত্বশীল হওঁক .... গুটখা-চূপাৰী সেৱন কৰি য'তে-ততে পিকোৱাৰ ফলত বৰ্তমান এই পৰিণতিত নগাঁও জিলাৰ ভোগেশ্বৰী ফুকননী হাস্পতালৰ চৌহদ ৷ কেৱল হাস্পতাল চৌহদ বুলিয়ে নহয় সমগ্ৰ জিলাখনৰ ৰাষ্ট্ৰীয় ঘাইপথকে সাঙুৰি সমস্ত সৰু-বৰ পথটো আপুনি দেখিবলৈ পাব একেটা দৃশ্য ৷
ক'ভিড-১৯ৰ যুঁজখনত অধিক সচেতনতা প্ৰদানৰ উদ্দেশ্যে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে এক নিৰ্দেশনা জাৰি কৰিছিল কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে । ৰাজহুৱা স্থানত পিকোৱা,ধূমপান কৰা ব্যক্তিৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছিল ৷ কিন্তু এপ্ৰিল মাহতে জাৰি কৰা এই নিৰ্দেশনালৈ কোনো কাণ-সাৰ নাই একাংশৰ ৷
লগতে পঢ়কঃ শোকাকুল পৰিৱেশৰ মাজেৰে আদ্যশ্ৰাদ্ধ সম্পন্ন ঋষভ দত্তৰ
স্বাস্থ্য মন্ত্ৰণালয়ে এই সন্দৰ্ভত ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ এক গোহাৰিৰ প্ৰসংগও উল্লেখ কৰিছিল । উক্ত গোহাৰিত কোৱা হৈছিল যে ধোঁৱাবিহীন ধঁপাতজাতীয় সামগ্ৰী,পাণ মছলা আৰু চুপাৰি খোৱাৰ ফলত মুখত থূৰ সৃষ্টি হয় ফলত পিকোৱাৰ প্ৰৱণতা বৃদ্ধি পায়। ৰাজহুৱা স্থানত পিকোৱাটোৱে ক'ভিড-১৯ ভাইৰাছৰ সংক্ৰমণ বৃদ্ধিত অৰিহণা যোগায় । সেয়ে ক'ভিড-১৯ মহামাৰীৰ বৰ্ধিত বিপদৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা জাৰি কৰা হৈছিল যদিও একাংশ ব্যৱসায়ীৰ চাহিদা লাভৰ মানসিকতাই ক্ৰমাৎ বিপদ চলাইছে ৰাজ্যবাসীলৈ ৷
উক্ত বিষয়টোক লৈ প্ৰয়োজনীয় প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মুখ্য সচিব সকললৈ পত্ৰ প্ৰেৰণ কৰিছে মন্ত্ৰণালয়ে ৷ ইয়াৰোপৰি, উল্লেখ্য যে,এই ক্ষেত্ৰত ভাৰতীয় দণ্ড বিধিৰ লগতে বিভিন্ন আইনৰ অধীনত ব্যৱস্থা লোৱাৰ ক্ষমতা আছে বাবে ৰাজ্য চৰকাৰসমূহৰ। কিন্তু অসম ৰাজ্যত কেন্দ্ৰৰ সকলো নিৰ্দেশনা ধোৱা চাঙত তুলিছে জিলা প্ৰশাসন তথা ৰাইজে ৷
এয়া কেৱল ৰাজ্যখনৰ এখন জিলাৰ তথ্য ৷ কিন্তু বৰ্তমানে ৰাজ্যখনৰ অন্তৰ্গত কেবাখনো জিলাৰ প্ৰায় একে পৰিস্থিতি ৷ দেশখনক এই মহামাৰীৰ প্ৰকোপৰ পৰা ৰক্ষা কৰিবলৈ কেৱল দৰকাৰ আপুনি কিছু দায়িত্বশীল হোৱাৰ ৷ কাৰণ বিগত কেবামাহে প্ৰতিজন দায়িত্বশীল ক'ভিড যুজাঁৰোৱে আপোনাৰ সু-স্বাস্থ্যৰ বাবে জীৱনক তুচ্ছ কৰি সন্মুখৰ পৰা যুঁজি আহিছে ৷