অসম

assam

ETV Bharat / state

নগাঁও প্ৰেছ ক্লাৱলৈ এটা অক্সিজেন কনচেন্ট্ৰেৰ আগবঢ়ালে বিধায়ক ৰূপক শৰ্মাই

শনিবাৰে নগাঁও জিলাৰ সাংবাদিকৰ মাজত মাস্ক, চেনিটাইজাৰ বিতৰণ কৰে বিধায়ক ৰূপক শৰ্মা (Rupak sarma)ই ৷ তদুপৰি নগাঁও প্ৰেছ ক্লাব (Nagaon Press Club)লৈ এটা অক্সিজেন কনচেন্ট্ৰেৰ (Oxygen Concentrator প্ৰদান কৰি বিধায়ক গৰাকীয়ে ৷

By

Published : Jun 20, 2021, 10:06 AM IST

Oxygen Concentrator
নগাঁও প্ৰেছ ক্লাৱলৈ এটা Oxygen Concentrator আগবঢ়ালে বিধায়ক ৰূপক শৰ্মাই

নগাঁও, 20 জুন :ক'ভিডৰ এই জটিল সময়ত নগাঁৱৰ সাংবাদিক সকলৰ মাজত মাস্ক, চেনিটাইজাৰ বিতৰণ কৰে নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা (Rupak sarma)ই ৷ এই উপলক্ষে নগাঁও প্ৰেছ ক্লাৱত আয়োজন কৰা অনুষ্ঠানত মাস্ক, চেনিটাইজাৰৰ ওপৰিও সাংবাদিক সকলৰ সুবিধাৰ্থে এটা অক্সিজেন কনচেন্ট্ৰেৰ (Oxygen Concentrator) প্ৰদান কৰে নগাঁৱৰ বিধায়ক গৰাকীয়ে ৷ উল্লেখ্য যে, নগাঁও প্ৰেছ ক্লাব (Nagaon Press Club)ৰ সভাপতি কনক হাজৰিকা, সম্পাদক চন্দনজ্যোতি বৰা, ভাস্কৰ মেধি উপস্থিত আয়োজন কৰা অনুষ্ঠানটোত উপস্থিত থাকে নগাঁও জিলাৰ জ্যেষ্ঠ সাংবাদিক কলৰ লগতে কুৰিৰো অধিক সংবাদকৰ্মী ৷

নগাঁও প্ৰেছ ক্লাৱলৈ এটা Oxygen Concentrator আগবঢ়ালে বিধায়ক ৰূপক শৰ্মাই

উক্ত অনুষ্ঠানৰ মাজতে সাংবাদিকক সম্বোধন কৰি বিধায়ক ৰূপক শৰ্মাই কয়, সাংবাদিক সকলে ক'ভিডৰ এই জটিল সময়ত নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি জনসাধাৰণৰ স্বাৰ্থত সেৱা আগবঢ়াই আহিছে ৷ গতিকে সাংবাদিক সকলে যাতে ক'ভিডৰ এই জটিল সময়ত কোনো অসুবিধা সন্মুখীন নহয় তাৰ বাবে নগাঁও প্ৰেছ ক্লাৱলৈ এটা অক্সিজেন কনচেন্ট্ৰেৰ (Oxygen Concentrator) প্ৰদান কৰা হৈছে ৷ অনাগত সময়ত সাংবাদিকৰ মাজত মাস্ক, চেনিটাইজাৰ বিতৰণ কাৰ্য অব্যাহত থাকিব বুলি কয় বিধায়ক ৰূপক শৰ্মা (Rupak sarma)ই ৷

নগাঁও জিলাৰ বিধায়ক শৰ্মাই যোৱা কেইদিনত নগাঁও সমষ্টিৰ বিভিন্ন ঠাইত ক'ভিডক লৈ তৎপৰতা প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে ৷ 18 জুনতো সমষ্টিটোৰ অন্তৰ্গত কন্টেইমেন্ট জ'নত থকা পৰিয়াল সমূহৰ সামগ্ৰীক পৰিস্থিতি বুজ লোৱাৰ লগতে স্বাস্থ্যৰ বুজ লয় বিধায়কগৰাকীয়ে ৷ তদুপৰি পৰিয়ালৰ সদস্য সকলৰ অসুবিধা অনুযায়ী সহায় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে বিধায়ক গৰাকীয়ে ৷

মনকৰিবলগীয়া যে, নগাঁও জিলাৰ ক'ভিড পৰিস্থিতি এতিয়াও জটিল পৰ্যায়তে আছে ৷ বৰ্তমান সময়লৈকে নগাঁও জিলাত ক'ভিডৰ দ্বিতীয়টো ঢৌত আক্ৰান্তৰ সংখ্যা হৈছে 3895 গৰাকী ৷ জিলাখনত বৰ্তমান 1385 গৰাকী ক'ভিড ৰোগী চিকিৎসাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য লাভ কৰিছে 2506 গৰাকীয়ে ৷ মৃত্যুৰ সংখ্যা 4 গৰাকী ৷

লগতে পঢ়ক: WTC ফাইনেল: আজি সমুখ সমৰত ভাৰত-নিউজিলেণ্ড

ABOUT THE AUTHOR

...view details