অসম

assam

ETV Bharat / state

কাজিৰঙাত হাতী চাফাৰী মুকলি

মুকলি হ’ল কাজিৰঙাৰ হাতী চাফাৰী ৷ প্ৰথম দিনাই দেশৰ বিভিন্ন প্ৰান্তৰ 37 গৰাকী পৰ্যটকে কাজিৰঙাৰ অপৰূপ সৌন্দৰ্য উপভোগ কৰিলে ৷

By

Published : Nov 1, 2020, 9:08 PM IST

Open elephant safari in Kaziranga
কাজিৰঙাত হাতী চাফাৰী মুকলি

গুৱাহাটী, 1 নৱেম্বৰ :পৰম্পৰাগত হস্তী পূজাৰে দেওবাৰৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আনুষ্ঠানিক ভাৱে মুকলি কৰা হ’ল হাতী চাফাৰী । উদ্যানখনৰ মুখ্য প্ৰৱেশদ্বাৰৰ মিহিমুখৰ প্ৰথম নিৰীক্ষণ টাৱাৰৰ সমীপত DFO ৰমেশ গগৈয়ে নাৰিকল ভাঙি আৰু সঞ্চালক পি শিৱ কুমাৰে ফিটা কাটি হাতী চাফাৰী আনুষ্ঠানিকভাৱে মুকলি কৰে ।

সঞ্চালক পি শিৱ কুমাৰৰ মন্তব্য

মুকলিৰ প্ৰথম দিনাই বন বিভাগৰ 10 টা হাতীৰ পিঠিত উঠি মুঠ 37 গৰাকী পৰ্যটকে ৰাষ্ট্ৰীয় উদ্যানখনৰ অপৰূপ সৌন্দৰ্য উপভোগ কৰে ৷ হাতীৰ পিঠিত উঠি নিচেই ওচৰৰ পৰা গড়ৰ মুক্ত বিচৰণ প্ৰত্যক্ষ কৰি অভিভূত হৈ পৰে দিল্লী, নাগপুৰ, ভূপালৰ পৰ্যটক সকল ৷ উল্লেখ্য যে, 21 অক্টোবৰত কাজিৰঙাৰ জীপ চাফাৰী মুকলি কৰিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

লগতে পঢ়ক :নিৰ্বাচনৰ পিচত জেললৈ যাব লাগিব বিধায়ক শ্বেৰমান আলী : হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details