অসম

assam

ETV Bharat / state

উৎকোচ নিদিলে ফাইলত হাত নিদিয়ে পঞ্চায়ত সচিবে - জুৰিয়া

সংবাদিকৰ কেমেৰাত বন্দী হ'ল মেলেকাধিং মুকুন্দআটি গাঁও পঞ্চায়তৰ সচিবে ধন সংগ্ৰহ কৰাৰ Exclusive দৃশ্য ৷ জুৰিয়াৰ মেলেকাধিং মুকুন্দআটী গাঁৱৰ পঞ্চায়ত সচিব গৰাকীয়ে বিভিন্ন প্ৰমাণ পত্ৰত চহী কৰাৰ বাবদ দীৰ্ঘদিনৰে পৰা ধন সংগ্ৰহ কৰি অহাৰ অভিযোগ উত্থাপন হৈ আহিছে ৷

উৎকোচ নিদিলে ফাইলত হাত নিদিয়া পঞ্চায়ত সচিবগৰাকী

By

Published : Mar 29, 2019, 3:13 PM IST

নগাঁও, 29 মাৰ্চঃ দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ কথা কোৱা চৰকাৰখনৰ দিনতে দুৰ্নীতিৰ ক'লা ধোৱাই আগুৰি ধৰিছে পঞ্চায়ত পৰ্যায়ত ৷ ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ সপোনেৰে স্বাধীন ভাৰতত মহাত্মা গান্ধীয়ে প্ৰৱৰ্তনকৰা পঞ্চায়তীৰাজ ব্যৱস্থাত দুৰ্নীতি৷ এইবাৰ সাংবাদিকৰ কেমেৰাত বন্দী হৈছে পঞ্চায়তৰ সচিবে হিতাধিকাৰীৰ পৰা উৎকোচ লোৱাৰ দৃশ্য ৷

উৎকোচ নিদিলে ফাইলত হাত নিদিয়া পঞ্চায়ত সচিবগৰাকী

ঘটনাটো জুৰীয়া উন্নয়ন খণ্ডৰ এলেকাধীন মেলেকাধিং মুকুন্দআটি গাওঁ পঞ্চায়তৰ ৷ বিগত বহুদিন ধৰি পঞ্চায়তৰ সচিব গৰাকীয়ে বিভিন্ন নথি-পত্ৰত চহী কৰাৰ নামত সংগ্ৰহ কৰি আহিছে উৎকোচ ৷ শেহতীয়াকৈ সংবাদিকৰ গোপন কেমেৰাত বন্দী হৈছে পঞ্চায়তৰ সচিবে ধন সংগ্ৰহ কৰাৰ Exclusiveদৃশ্য৷ অভিযুক্ত পঞ্চায়ত সচিব গৰাকীৰ নাম হৈছে ৰফিকুল ইছলাম ৷ জুৰিয়াৰ মেলেকাধিং মুকুন্দআটী গাঁৱৰ পঞ্চায়ত সচিব গৰাকীয়ে বিভিন্ন প্ৰমাণপত্ৰত চহী কৰাৰ বাবদ দীৰ্ঘদিনৰে পৰা ধন সংগ্ৰহ কৰি অহাৰ অভিযোগ উত্থাপন হৈ আহিছে ৷

দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহণশীলতাৰ নীতি গ্ৰহণ কৰা চৰকাৰখনৰ এজন কৰ্মচাৰীৰ এনে কাণ্ডই পোহৰলৈ আনিছে চৰকাৰৰ ঘূণেধৰা ব্যৱস্থাটোৰ প্ৰকৃত সত্য ৷ সহজ-সৰল গাঁওবাসীৰ পৰা উৎকোচ সংগ্ৰহ কৰা এইগৰাকী চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে??

ABOUT THE AUTHOR

...view details