কলিয়াবৰ, 3 এপ্ৰিলঃলক ডাউনৰ ফলত সমগ্ৰ দেশতে আন কেইবাটাও গুৰুত্বপূৰ্ণ ব্যৱস্থাৰ লগতে স্তব্ধ হৈ পৰিছে শিক্ষা ব্যৱস্থাও ৷ কিন্তু এই ভয়াৱহ পৰিস্থিতিৰ পৰা আঁতৰত থাকি ঘৰৰ পৰাও বহু অত্যাৱশ্যকীয় কাম ঘৰৰ পৰাই সম্পাদন কৰাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰিছে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে ৷ অনুৰূপ ব্যৱস্থা চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠানসমূহত ল'বলৈয়ো ইতিমধ্যে নিৰ্দেশনা জাৰি কৰিছে ৷ এই ক্ষেত্ৰত অসমৰ তথ্য আৰু প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তই বিশেষ পদক্ষেপ লোৱাৰ আশ্বাস প্ৰদান কৰিছে ৷ বুধবাৰে কলিয়াবৰ মহকুমাধিপতি কাৰ্যালয়ত সংশ্লিষ্ট বিষয়া-বৰ্গৰে মিলিত হৈ আছাম ইলেক্ট্ৰনিকচ্ ডেভেলপমেণ্ট কৰ্প'ৰেশ্যন চমুকৈ আমট্ৰনৰ সহযোগত সমগ্ৰ অসমৰ বিদ্যালয়-মহাবিদ্যলয়ৰ পাঠদান কাৰ্যসূচী আৰম্ভ কৰাৰ এক ইঙ্গিত প্ৰদান কৰে ৷ লগতে পৰীক্ষামূলকভাবে কলিয়াবৰ মহকুমাত প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ কৰিবলৈ যাবতীয় নীতি-নিৰ্দেশনা দিয়ে ৷
অনলাইনযোগে অসমৰ সকলো শিক্ষানুষ্ঠানতে পাঠদান আৰম্ভ হোৱাৰ সম্ভাৱনা - কলিয়াবৰ মহকুমা প্ৰশাসন
লক ডাউনৰ সময়চোৱাত স্তব্ধ হৈ পৰা শিক্ষা ব্যৱস্থাত পুনৰ এক গতি প্ৰদান কৰিবলৈ ঘৰৰ পৰাই পাঠদান কাৰ্যসূচী আৰম্ভ কৰাৰ এক ইঙ্গিত প্ৰদান কৰে ৷ এই ক্ষেত্ৰত অসমৰ তথ্য আৰু প্ৰযুক্তি মন্ত্ৰীয়েও বিশেষ পদক্ষেপ লোৱাৰ আশ্বাস প্ৰদান কৰিছে ৷
পাঠদান আৰম্ভ হোৱাৰ সম্ভাৱনা
কলিয়াবৰ মহকুমা প্ৰশাসনৰ উদ্যোগত কলিয়াবৰ শৈক্ষিক পৰিষদৰ ব্যৱস্থাপনাত প্ৰজন্ম, The Generationৰ উদ্যোগত নৱম আৰু দশম শ্ৰেণীৰ বিশেষ পাঠদান কাৰ্যসূচী মঙলবাৰে পুৱা কলিয়াবৰ মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত আৰম্ভ হয় ৷
লগতে পঢ়কঃCOVID-19: ভাৰত চৰকাৰৰ দ্ধাৰা প্ৰস্তুত ম'বাইল এপ্লিকেচন