অসম

assam

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 11:06 AM IST

ETV Bharat / state

Fake currency : সাৱধান! দুৰ্গা পূজাৰ বজাৰত জালনোটৰ বেহা

দুৰ্গোৎসৱৰ বতৰত সক্ৰিয় জালনোট সৰবৰাহকাৰী চক্ৰ। বজাৰত জালনোট মেলি দিয়াৰ চেষ্টা দুষ্টচক্ৰৰ। আৰক্ষীৰ অভিযানত আটক জালনোটসহ বৃহৎ পৰিমাণৰ জালনোট জব্দ।

দুৰ্গা পূজাৰ বজাৰত জালনোটৰ বেহা
দুৰ্গা পূজাৰ বজাৰত জালনোটৰ বেহা

দুৰ্গা পূজাৰ বজাৰত জালনোটৰ বেহা

নগাঁও, 20 অক্টোবৰ : সাৱধান। দুশ টকীয়া অথবা পাঁচশ টকীয়া নোট হাতত পৰাৰ লগে লগে ভালদৰে এবাৰ পৰীক্ষা কৰি ল'ব । অন্যথা বিপদত পৰিব পাৰে আপুনি । এতিয়া পূজাৰ বতৰত বজাৰত সক্ৰিয় হৈছে একাংশ জালনোট সৰবৰাহকাৰী চক্ৰ । শাৰদীয় দুৰ্গোৎসৱৰ ধামখুমীয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি বজাৰত জালনোট মেলি দিয়াৰ চক্ৰান্ত কৰিছে দুষ্টচক্ৰই ।

জালনোট চক্ৰৰ বিৰুদ্ধে ব্যাপক অভিযান চলাই নগাঁৱৰ ধিং আৰক্ষীয়ে ৷ বুধবাৰে জালনোট সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাই নগাঁৱৰ ধিং আৰক্ষীয়ে । ধিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আদিত বড়োৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ধিঙৰ মাগুৰমাৰী অঞ্চলত অভিযান চলাইত বৃহৎ পৰিমাণৰ দুশ টকীয়া জালনোট জব্দ কৰিবলৈ সক্ষম হয় । লগতে আৰক্ষীৰ দলটোৱে জালনোট সৰবৰাহৰ সৈতে জড়িত আজিজুৰ ৰহমান নামৰ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে ধৃত আজিজুৰৰ পৰা 71,800 টকাৰ জালনোট জব্দ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে অধিক তথ্যৰ বাবে ধৃত আজিজুৰক চলোৱা জেৰাৰ অন্তত শুকুৰবাৰে আদালতত হাজিৰ কৰায় ৷

উল্লেখ্য যে জালনোট সৰবৰাহৰ এগৰাকী সদস্যক গ্ৰেপ্তাৰ কৰি চক্ৰটোৰ শিপা বিচাৰি লখিমপুৰ জিলাত অভিযান চলাই এক বিতৰ্কত সাঙোৰ খাই পৰিছিল প্ৰয়াত আৰক্ষী বিষয়া জোনমণি ৰাভা । আনকি অসম আৰক্ষীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুৰ পিচতেই জালনোট আৰু নকল সোণ ব্যৱসায়ৰ এক ভয়ংকৰ তথ্যও পোহৰলৈ আহিছিল । যি বিতৰ্ক এই পৰ্য্যন্ত কেন্দ্ৰীয় অনুসন্ধান সন্থা চি বি আইৰ তদন্তৰ আঁওতাত আছে ।

এতিয়া নগাঁৱৰ ধিঙত বৃহৎ পৰিমাণৰ জালনোটসহ এটা সৰবৰাহকাৰী আটক হোৱা ঘটনাৰ পিচতেই আৰম্ভ হৈছে নতুন চর্চা। বিভিন্নজনৰ মনত উত্থাপন হৈছে নানা প্ৰশ্নৰ। এতিয়াও সক্ৰিয় হৈ আছে নেকি জালনোট সৰবৰাহকাৰী চক্ৰ?

লগতে পঢ়ক:Golaghat Triple Murder Case : 87 দিনৰ অন্তত গোলাঘাট ত্ৰিপল্ মাৰ্ডাৰৰ 28 পৃষ্ঠাজোৰা শ্বাৰ্জশ্বীট দাখিল

ABOUT THE AUTHOR

...view details