নগাঁও, 24 অক্টোবৰ:নগাঁৱত এগৰাকী চিকিৎসকক প্ৰহাৰ কৰাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। ঘটনাসন্দৰ্ভত নগাঁও আৰক্ষীয়ে এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰিছে ন্যায়িক জিম্মালৈ (Doctor brutally beaten in Nagaon) ।
ঘটনা সন্দৰ্ভত জানিব পৰা মতে দেওবাৰে নিশা নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত কৰ্তব্যৰত অৱস্থাত থকা এগৰাকী চিকিৎসকৰ কাষ চাপিছিল ৰিহান নামৰ এগৰাকী ব্যক্তি। ব্যক্তিজনৰ সন্তানৰ চিকিৎসাৰ বাবে অহা ৰিহানক কৰ্তব্যৰত চিকিৎসকে ম'হখুলিস্থিত মাতৃ আৰু শিশু চিকিৎসালয়লৈ যোৱাৰ পৰামৰ্শ প্ৰদান দিছিল।
অনানুষ্ঠানিক সূত্ৰটোৱে জনোৱা মতে চিকিৎসকগৰাকীয়ে ম'হখুলিস্থিত চিকিৎসালয়লৈ যোৱাৰ পৰামৰ্শ দিয়াৰ বাবেই চিকিৎসকক প্ৰহাৰ কৰিবলৈ উদ্যত হয় ৰিহান নামৰ ব্যক্তিজনে।