অসম

assam

ETV Bharat / state

Nostalgia Greeting Cards : সময়ৰ ধামখুমীয়াত মাথোঁ সোঁৱৰণী হৈ ৰ’ল গ্ৰীটিংছ কাৰ্ড - সময়ৰ ধামখুমীয়াত পাহৰণিৰ গৰ্ভত গ্ৰীটিংছ কাৰ্ড

কিছু বছৰ আগলৈকে নিজৰ আপোনজনৰ মৰমৰ ভাষাৰে পঠোৱা শুভেচ্ছাবাণীৰ আশাত ৰৈ আছিল বহুজন ৷ সেই শুভেচ্ছাবাণী আজিৰ দৰে মেছেজ বা ছ’চিয়েল মিডিয়া পোষ্টত আহা নাছিল ৷ আহিছিল গ্ৰীটিংছ কাৰ্ডত (Old memory of Greeting Cards)৷ বিপনীত প্ৰায় দুটকাৰ পৰা উচ্চ দাম পৰ্যন্ত উপলব্ধ আছিল এই গ্ৰীটিংছ কাৰ্ডসমূহ । বিশেষকৈ যুৱ প্ৰজন্ম‌ৰ মাজত জনপ্ৰিয় আছিল এই গ্ৰীটিংছ কাৰ্ডসমূহ । প্ৰায় একবিংশ শতিকাৰ প্ৰথম দশকলৈ গ্ৰীটিংছ কাৰ্ডৰ জনপ্ৰিয়তা আৰু চাহিদা বৃদ্ধি হৈ আছিল । কিন্তু এতিয়া সময় সলনি হ’ল । গ্ৰীটিংছ কাৰ্ডবোৰ এতিয়া যেন ইতিহাস হ’ল ৷

Nostalgia Greeting Cards
আমদানি বন্ধ হ’ল গ্ৰীটিংছ কাৰ্ড

By

Published : Dec 31, 2022, 5:08 AM IST

আমদানি বন্ধ হ’ল গ্ৰীটিংছ কাৰ্ড

কলিয়াবৰ, 30 ডিচেম্বৰ : বৰ্তমান সময়ত চাহিদা হ্ৰাস পোৱাৰ লগে লগে আমদানি বন্ধ হ’ল গ্ৰীটিংছ কাৰ্ডৰ ৷ কিয়নো ছ’চিয়েল মিডিয়াৰ যোগেদি এক মূহুৰ্তৰ ভিতৰতে দেশ বিদেশৰ বন্ধু তথা আপোনজনক শুভেচ্ছা প্ৰদান কৰিব পৰা হ’ল । একে সময়তে কেইবাজনো লোকক পঠিয়াব পৰা হ’ল শুভেচ্ছাবাণী । হেৰাই গ’ল গ্ৰীটিংছ কাৰ্ডৰ জনপ্ৰিয়তা ফলত ছ’চিয়েল মিডিয়াৰ প্ৰসাৰৰ বাবে ইতিহাসৰ পাতত সজীৱ হৈ ৰ’ল গ্ৰীটিংছ কাৰ্ডসমূহ (Nostalgia Greeting Cards) ৷

গ্ৰীটিংছ কাৰ্ড আছিল এক আৱেগ । নৱবৰ্ষৰ প্ৰথম দিনটোতেই আপোন জনলৈ বা নিজৰ বন্ধু-বান্ধৱী লৈ এখন গ্ৰীটিংছ কাৰ্ডৰ জৰিয়তে শুভেচ্ছা দিয়াটো আছিল মাদকতা । নৱবৰ্ষ আহিলেই বিপনীসমূহত দেখা পোৱা গৈছিল শাৰী শাৰী গ্ৰীটিংছ কাৰ্ড । কিন্তু লাহে লাহে পাহৰণিৰ গৰ্ভত গ্ৰীটিংছ কাৰ্ডবোৰ । আধুনিকতাৰ প্ৰৱল গ্ৰাসে ক্ৰমাৎ নোহোৱা কৰিলে গ্ৰীটিংছ কাৰ্ডৰ জনপ্ৰিয়তা । বৰ্তমান যুগত এই গ্ৰীটিংছ কাৰ্ডৰ মাদকতা নুবুজে নৱ প্ৰজন্মই ।

জন্ম হৈয়ে এই প্ৰজন্মই চলাবলৈ শিকে স্মাৰ্ট ফোন ।

প্ৰায় সকলো নৱ প্ৰজন্মই বৰ্তমান ব্যস্ত থাকে ছ’চিয়েল মিডিয়াত । সময় সলনি হ’ল সময়ৰ লগত খাপ খাব পৰাকৈ সলনি হৈছে মানুহ । এটা সময়ত সেই গ্ৰীটিংছ কাৰ্ডৰ শুভেচ্ছা দিবৰ বাবে টনা আজুৰা লাগিছিল সকলোৰে । বৰ্তমান গ্ৰীটিংছ কাৰ্ডৰ সলনি হোৱাটআপ, ফেচবুক, ইনষ্টাগ্ৰামত এটা মেছেজ দি দিলেই যথেষ্ট । এতিয়া যেন পাহৰণি গৰ্ভত সেই গ্ৰীটিংছ কাৰ্ডৰ দিনবোৰ ।

লগতে পঢ়ক :Nokhowa Festival at Charing : চাৰিং দেওধাই গাঁৱত পৰম্পৰাগত ন-খোৱা উৎসৱ পালন

সময়ৰ পৃষ্ঠাত মেলানি মাগিব আৰু এটা বছৰে । পুৰণিক বিদায় দি আকৌ ভুমুকি মাৰিবলৈ লৈছে এটা নতুন বছৰে । নতুন বছৰতো যাতে ভালদৰে যায়, তাৰেই শুভেচ্ছাৰে এটা সময়ত ভৰি পৰিছিল গ্ৰীটিংছ কাৰ্ডবোৰ । পূৰ্বতে বিচাৰি ভিৰ কৰা সেই গ্ৰীটিংছ কাৰ্ডসমূহ বিপনীত নিবিচৰা হ’ল গ্ৰাহকে । গ্ৰীটিংছ কাৰ্ডৰ বিপনীসমূহৰ বিক্ৰেতাসকলেও যেন সেই গ্ৰীটিংছ কাৰ্ড বিক্ৰীৰ জীপাল অভিজ্ঞতাবোৰ এতিয়াও সোঁৱৰে ৷

দোকানত ওলোমাই ৰখা গ্ৰীটিংছ কাৰ্ডত ব্যস্ততা বাঢ়িছিল দোকানীৰ । দোকানীৰ ওঁঠত হাঁহি বিৰিঙাই গ্ৰাহকক হাত বাউল দি মাতিছিল ভিন্ন ৰঙী গ্ৰীটিংছ কাৰ্ডবোৰে । নিজৰ মনৰ ভাৱ প্ৰকাশ কৰি নিজ হাতেৰে আপোনজনক নৱবৰ্ষৰ শুভেচ্ছা জনাবলৈ গ্ৰাহকে ক্ৰয় কৰিছিল গ্ৰীটিংছ কাৰ্ডবোৰ । কেবাদিনো পূৰ্বৰে পৰা প্ৰিয়জনৰ বাবে প্ৰিয় বাক্য আৰু আগন্তুক বৰ্ষটো কুশল কামনাৰে গ্ৰীটিংছৰ পৃষ্ঠাত শুভেচ্ছাবাণী লিখিছিল ।

আধুনিকতাৰ ধামখুমীয়াত গ্ৰীটিংছ কাৰ্ডবোৰ এতিয়া লাহে লাহে ইতিহাস হোৱাৰ পথত । নতুন বছৰতো শুভেচ্ছা জনোৱা মাধ্যমো সলনি হ’ল । গ্ৰীটিংছ কাৰ্ডৰ সলনি ফেচবুক, হোৱাটচ এপ ছ'চিয়েল মিডিয়াই গ্ৰীটিংছ কাৰ্ডৰ স্থান দখল কৰিলে । পূৰ্বতে বিচাৰি ভিৰ কৰা সেই গ্ৰীটিংছ কাৰ্ডসমূহ বিপনীত নিবিচৰা হ’ল গ্ৰাহকে । গ্ৰীটিংছ কাৰ্ডৰ বিপনীসমূহৰ বিক্ৰেতাসকলেও যেন সেই গ্ৰীটিংছ কাৰ্ড বিক্ৰীৰ জীপাল অভিজ্ঞতাবোৰ এতিয়াও সোঁৱৰে ।

লগতে পঢ়ক :Brazil Legend Footballer Pele : কিংবদন্তি ফুটবলাৰ পেলেৰ বিষয়ে কিছু কথা

ABOUT THE AUTHOR

...view details