অসম

assam

ETV Bharat / state

কোৱাইকটা সত্ৰৰ বেদখলকৃত ভূমি সত্ৰক অৰ্পণ সংখ্যালঘু ৰাইজৰ - mahedhowa pukhuri

ঐতিহাসিক কোৱাইকটা সত্ৰ(Kowaikata Satra)ৰ বেদখলকৃত ভূমি সত্ৰ পৰিচালনা সমিতিক অৰ্পণ স্থানীয় সংখ্যালঘু ৰাইজৰ ৷ দেওবাৰে স্থানীয় বিধায়িকা শিৱামণি বৰা(Sibamoni Bora)ই সংখ্যালঘুসকলৰ সিদ্ধান্তমৰ্মে অসম সত্ৰ মহাসভাৰ প্ৰতিনিধিৰ উপস্থিতিত আনুষ্ঠানিকভাৱে অৰ্পণ কৰে এই ভূমি ৷

occupied-land-hand-over-to-kowaikata-satra
বেদখলকৃত ভূমি সত্ৰক অৰ্পণ

By

Published : Oct 18, 2021, 9:37 AM IST

নগাঁও, 18 অক্টোবৰ : সত্ৰৰ ভূমি বেদখলক লৈ ব্যাপক চৰ্চা চলি থকাৰ সময়তে গুৰুজনাৰ পৱিত্ৰ জন্মভূমিত একাংশ সংখ্যালঘু লোকে দেখুৱালে এক অনন্য নিদৰ্শন । সত্ৰৰ বেদখল কৰা ভূমি নিজেই সত্ৰ পৰিচালনা সমিতিক অৰ্পণ কৰিলে স্থানীয় সংখ্যালঘু ৰাইজে ৷ এই ঘটনা নগাঁও জিলাৰ ৷

গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা পুনৰুদ্ধাৰৰ সময়ত তেওঁৰ নাতি-বোৱাৰী আই কনকলতাই স্থাপন কৰা ঐতিহাসিক কোৱাইকটা সত্ৰ(Kowaikata Satra)ৰ স্মৃতি বিজড়িত সত্ৰখনৰ নাতি দূৰৈত অৱস্থিত মাহধোৱা পুখুৰীৰ কিছু অংশত স্থানীয় সংখ্যলঘু ৰাইজে পাঞ্জেখানা নিৰ্মাণ কৰিছিল ৷

বেদখলকৃত ভূমি সত্ৰক অৰ্পণ

কিন্তু এই পাঞ্জেগানা আঁতৰাই ঠাইখিনি দেওবাৰে স্থানীয় বিধায়িকা শিৱামণি বৰা(Sibamoni Bora)ই সংখ্যালঘুসকলৰ সিদ্ধান্তমৰ্মে অসম সত্ৰ মহাসভাৰ প্ৰতিনিধিৰ উপস্থিতিত কোৱাইকটা সত্ৰৰ হাতত আনুষ্ঠানিকভাৱে অৰ্পণ কৰে । ইয়াৰ পাচতে উৎফুল্লিত হৈ পৰিছে স্থানীয় হিন্দু-মুছলমান ৰাইজ ।

যাৰ ফলত ঐতিহাসিক কোৱাইকটা সত্ৰ ৰূপান্তৰিত হয় সম্প্ৰীতিৰ মিলন ভূমিলৈ । এই কোৱাইকটা সত্ৰ বেদখল হোৱাক লৈ কিছুদিনৰ পৰা সৃষ্টি হৈছিল তীব্ৰ বাক-বিতণ্ডাৰ ৷ কিন্তু এই সত্ৰখনৰ ভূমি সম্পূৰ্ণৰূপে বেদখল মুক্ত হোৱাত সন্তোষ প্ৰকাশ কৰিছে কোৱাইকটা সত্ৰ পৰিচালনা সমিতিৰ লগতে অসম সত্ৰ মহাসভাৰ পশ্চিম নগাঁও জিলা সমিতিয়ে ।

লগতে পঢ়ক :বিহালীত বন্য হস্তীৰ উপদ্ৰৱ; তহিলং ১০০ বিঘাৰো অধিক ধান খেতি

ABOUT THE AUTHOR

...view details