কলিয়াবৰ, 10 ফেব্ৰুৱাৰী : কলিয়াবৰৰ শিলঘাট-শেনচোৱা গাঁৱত সংঘটিত হৈছে এক জঘন্য ঘটনা ৷ এগৰাকী সপ্তম শ্ৰেণী ছাত্ৰীক গৰ্ভৱতী কৰিলে জানমনি বৰা নামৰ বালিটিকা গাঁৱৰ প্ৰায় ৩৫ বছৰীয়া বিবাহিত এটা লম্পটে । যাৰ পাছতেই সন্তান জন্ম দিয়ে ১৩ বছৰীয়া কিশোৰীগৰাকীয়ে ৷ সমাজৰ লাঞ্ছনাৰ পৰা পৰিয়ালটোক ৰক্ষা কৰিবলৈ নিজ ঘৰৰ চৌহদৰ নেমু গছৰ তলত কিশোৰীগৰাকীৰ পৰিয়ালে পুতি থ’লে নবজাতকক । কিন্তু বুধবাৰে পোহৰলৈ আহে এই চাঞ্চল্যকৰ ঘটনাটো । জানমনি বৰাৰ ঘৰত থকা ব্ৰইলাৰ ফাৰ্মলৈ প্ৰায়েই অহা-যোৱা কৰিছিল শেনচোৱা গাঁৱৰ কিশোৰীগৰাকীয়ে । সঘনাই আহ-যাহ কৰাৰ সুযোগ গ্ৰহণ কৰি এটি সন্তানৰ পিতৃ লম্পট জানমনি বৰাই ১৩ বছৰীয়া কিশোৰী গৰাকীৰ সৈতে অবৈধ সম্পৰ্ক স্থাপন কৰি গৰ্ভৱতী কৰাৰ অভিযোগ উত্থাপন হৈছে ।
ইফালে ভুক্তভোগী কিশোৰীগৰাকীৰ শাৰীৰিক পৰিবৰ্তন প্ৰত্যক্ষ কৰি গাঁৱৰ লোকে বিভিন্ন প্ৰশ্ন কৰি আহিছিল পৰিয়ালটোক । কিন্তু ভুক্তভোগী পৰিয়ালটোৱে অন্য বেমাৰৰ নাম দি গাপ দিছিল ঘটনাটো ৷ ইতিমধ্যে এই দুষ্কাৰ্য সংঘটিত কৰা লম্পট জানমনি বৰাক বুধবাৰে শেনচোৱা গাঁৱৰ ৰাইজে আটক কৰি চমজাই দিয়ে আৰক্ষীক ।