অসম

assam

ETV Bharat / state

চৰকাৰী বিদ্যালয়ত 16 আগষ্ট পৰ্যন্ত উৰি থাকিল জাতীয় পতাকা - প্ৰধান শিক্ষক খাইৰুল ইছলাম

লালুং গাওঁ মধ্য ইংৰাজী বিদ্যালয়ত 16 আগষ্টৰ পুৱা ১০ বজালৈকে উৰি থাকিল জাতীয় পতাকা। বিদ্যালয়খনত ৯ গৰাকী শিক্ষক -শিক্ষয়ত্ৰী থকাৰ পিছতো পতাকা উত্তোলন কৰাৰ সময়ত উপস্থিত নাছিল এজনো শিক্ষক ।

neglect flag at rupohihat
ৰূপহীহাটৰ জুৰীয়া লালুং গাঁৱত 16 আগষ্ট পৰ্যন্ত উৰি থাকিল জাতীয় পতাকা

By

Published : Aug 16, 2020, 4:52 PM IST

ৰূপহীহাট, ১৬ আগষ্টঃদেশজুৰি ৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰাৰ দিনাই জুৰীয়াত চূড়ান্ত অৱমাননা কৰা হ'ল জাতীয় পতাকা । জুৰীয়াৰ চৰকাৰী খণ্ডৰ বিদ্যালয় লালুং গাওঁ মধ্য ইংৰাজী বিদ্যালয়ত 16 আগষ্টৰ পুৱা ১০ বজালৈকে উৰি থাকিল জাতীয় পতাকা। প্ৰধান শিক্ষক খাইৰুল ইছলামৰ গাফিলিতিৰ বাবেই এনে কাণ্ড সংঘটিত হোৱাৰ অভিযোগ ।

ৰূপহীহাটৰ জুৰীয়া লালুং গাঁৱত 16 আগষ্ট পৰ্যন্ত উৰি থাকিল জাতীয় পতাকা

উল্লেখযোগ্য যে, ১৫ আগষ্টৰ দিনা ৰাতিপুৱা চকীদাৰ বালিৰাম কোঁৱৰে পতাকা উত্তোলন কৰিছিল যদিও ,১৬ আগষ্টৰ দিনাও উৰি থাকিল জাতীয় পতাকা । বিদ্যালয় খনৰ পৰা মাত্ৰ ৫০০ মিটাৰ আঁতৰত বিদ্যালয় খনৰ প্ৰধান শিক্ষকৰ ঘৰ ৷ তথাপিও তেঁও শনিবাৰে সময় নোলাল পতাকা উত্তোলন কৰিবলৈ । ইপিনে বিদ্যালয়খনত ৯ গৰাকী শিক্ষক -শিক্ষয়ত্ৰী থকাৰ পিছতো পতাকা উত্তোলন কৰাৰ সময়ত উপস্থিত নাছিল এজনো শিক্ষক । শিক্ষকৰ অবিহনে চকীদাৰ বালিৰাম কোঁৱৰে অকলে পতাকা উত্তোলন কৰিছিল । বিদ্যালয় খনৰ এনে কাৰ্যই সচেতন ৰাইজৰ চকু কপালত তুলিছে।

ৰূপহীহাটৰ জুৰীয়া লালুং গাঁৱত 16 আগষ্ট পৰ্যন্ত উৰি থাকিল জাতীয় পতাকা
লগতে পঢ়কঃ98 বছৰীয়া প্ৰাক্তন সৈনিকে পৰাস্ত কৰিলে কোভিড-19

ABOUT THE AUTHOR

...view details