অসম

assam

ETV Bharat / state

Police firing in Nagaon: আৰক্ষীৰ ভুলৰ বাবেই ঘুণীয়া হোৱা ৰাজিবুলৰ দায়িত্ব কোনে ল’ব ? - আৰক্ষী অধীক্ষক লীনা দলে

নগাঁও আৰক্ষীৰ ভুলৰ বাবেই ঘুণীয়া হ’ল আন এজন যুৱক (Police firing in Nagaon)। ডকাইতৰ সন্ধান কৰা আৰক্ষীৰ গুলীয়ে ভেদিলে নিৰীহ যুৱকৰ ভৰি । কিয় বাৰে বাৰে আৰক্ষীৰ ভুলৰ চিকাৰ হয় নিৰীহ লোক ? এই সন্দৰ্ভত ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন ।

Police firing in Nagaon
আৰক্ষীৰ ভুলৰ বাবেই ঘুণীয়া হোৱা ৰাজিবুলৰ দায়িত্ব কোনে ল’ব ?

By

Published : Nov 29, 2022, 10:44 PM IST

Updated : Nov 30, 2022, 12:48 PM IST

নগাঁও, 29 নৱেম্বৰ : নগাঁও আৰক্ষীৰ ভুলৰ বাবে আজিও ঘুণীয়া নগাঁৱৰ প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তি কমল বৰা । কীৰ্তি কমল বৰা এনকাউণ্টাৰ কাণ্ডই সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি কৰিছিল প্ৰতিক্ৰিয়াৰ । এইবাৰ একেখন নগাঁৱতে পুনৰ সংঘটিত হ’ল আন এক কীৰ্তি কমলকাণ্ড । এইবাৰৰ স্থান নগাঁৱৰ ৰূপহীহাট । সোমবাৰে সন্ধিয়া বাইকেৰে ঘৰলৈ গৈ থকা অৱস্থাত ৰূপহীহাট আৰক্ষীৰ গুলীত আহত হয় এজন যুৱক (Police firing in Nagaon)।

পেছাত ৰাজমিস্ত্ৰী ৰূপহীহাটৰ শালপাৰাৰ ৰাজিবুল হক নামৰ যুৱকজন গুলীবিদ্ধ হোৱাৰ পিছতেই আৰক্ষী অধীক্ষক লীনা দলে এই সন্দৰ্ভত ব্যক্ত কৰিছে নিজৰ মন্তব্য (Youth shot by police officer) ৷ কাৰোবাৰ বাবে যেন তেনেই সাধাৰণ যেন এনেসমূহ ঘটনা । কিন্তু আৰক্ষীৰ আনফৰ্ছুনেটলি, এক্সিডেন্টলি হোৱা ঘটনাই ঘুণীয়া কৰিলে ৰাজমিস্ত্ৰীৰ কাম কৰি পৰিয়াল পোহপাল দিয়া এই যুৱকজনক ৷

আৰক্ষীৰ ভুলৰ বাবেই ঘুণীয়া হোৱা ৰাজিবুলৰ দায়িত্ব কোনে ল’ব ?

এতিয়াও চিকিৎসাধীন হৈ আছে আৰক্ষীৰ গুলীত আহত হোৱা যুৱকজন । যুৱজনৰ ভৰি ভেদিলে ৰূপহীহাট আৰক্ষীৰ গুলীয়ে । উল্লেখযোগ্য যে, সোমবাৰে সন্ধিয়া ৰূপহীহাট আৰক্ষীৰ এটা দলে গুনাবাৰীত অভিযান চলাই এটা মাৰণাস্ত্ৰসহ দুটাকৈ ডকাইতক কৰায়ত্ত কৰে ।

লগতে পঢ়ক :BREAKING NEWS:Police firing in Nagaon: নগাঁৱত আৰক্ষীৰ গুলীত আহত যুৱক

একে সময়তে আন এটা কুখ্যাত ডকাইতৰ সন্ধানত আৰক্ষীৰ আন এটা দলে অভিযান চলাইছিল শিঙিমাৰী অঞ্চলত । সেই সময়তে ডকাইতক উদ্দেশ্যি আৰক্ষীয়ে কৰে গুলীচালনা ৷ আৰক্ষীৰ এই গুলীত আহত হয় বাইকেৰে গৈ থকা ৰাজিবুল হক নামৰ যুৱকজনক ৷ এই দাবী নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেৰ (Nagaon SP admitted mistake)।

উল্লেখ্য যে, আৰক্ষীৰ এটা ভুলৰ বাবেই এতিয়া ঘুণীয়া হোৱা ৰাজিবুলৰ পৰিয়ালৰ পোহপালৰ দায়িত্ব এতিয়া বহন কৰিব কোনে ? এজন নিৰীহ যুৱকক ঘুণীয়া কৰা আৰক্ষীৰ বিৰুদ্ধে এইবাৰ গৃহমন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰিব নে কিবা ব্যৱস্থা ?

নে আৰক্ষীৰ এনে ভুলৰ বাবে এনেদৰেই ঘুণীয়া হ'ব লাগিব আন কোনো নিৰীহ লোক ? এনে একাংশ প্ৰশ্নই এতিয়া উত্থাপন হৈছে একাংশৰ মনত ৷

লগতে পঢ়ক :Police firing in Nagaon: ৰূপহীহাটৰ যুৱকক গুলীওৱা প্ৰসংগত ভুল স্বীকাৰ আৰক্ষী অধীক্ষকৰ

Last Updated : Nov 30, 2022, 12:48 PM IST

ABOUT THE AUTHOR

...view details