অসম

assam

ETV Bharat / state

নগাঁৱত বালি মাফিয়াৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

নগাঁৱত অব্যাহত আছে বালি মাফিয়াৰ দপদপনি । নগাঁৱৰ ৰহা সমষ্টিৰ কাকতি গাঁৱত ৰাইজৰ প্ৰতিবাদ । অবৈধ বালি মেচিন বন্ধৰ দাবীত এই প্ৰতিবাদ । কেমেৰা দেখি পলায়ন অবৈধ মেচিন মালিকৰ ।

By

Published : Oct 1, 2019, 11:46 PM IST

নগাঁৱত বালি মাফিয়াৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

বঢ়মপুৰ,1অক্টোবৰঃ নগাঁৱৰ ৰহা সমষ্টিৰ কাকতি গাঁৱত দীৰ্ঘদিন ধৰি অবৈধ ভাৱে চলাই থকা বালি মেচিনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে । দীৰ্ঘদিন ধৰি স্থানীয় কেইজন মান বালি মাফিয়াই বালি মহলত অবৈধ ভাৱে মেচিন ব্যৱহাৰ কৰি থকাৰ ফলত কপিলী নৈৰ খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ লগতে শংকাত ভুগিব লগাত পৰিছে অঞ্চলবাসী । ইপিনে অত্যাধিক বালি গাড়ী সমূহ চলাচল কৰি পথটো একাঠু পৰ্যন্ত বোকা হোৱাত দুৰ্ভোগ ভুগিছে অঞ্চল বাসীয়ে । যাৰ বাবে হাতত ছাতি লৈ বৰষুণত তিতি প্ৰতিবাদ সাব্যস্ত কৰে শতাধিক ৰাইজে ।

নগাঁৱত বালি মাফিয়াৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

উল্লেখ্য যে একাংশ মাফিয়াই এনে দুষ্কাৰ্য চলাই থকাৰ কথা বিভিন্ন সময়ত সংবাদ মাধ্যমত প্ৰচাৰ হৈ থকাৰ পাছতো কিয় এই সকল বালি মাফিয়াৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰা নাই তাক লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে ৷

আৰু পঢ়কঃ গান্ধীজীৰ 150 বছৰীয়া জন্মজয়ন্তী উপলক্ষে ETV BHARATৰ বিশেষ শ্ৰদ্ধাঞ্জলি

For All Latest Updates

ABOUT THE AUTHOR

...view details