অসম

assam

ETV Bharat / state

কেৰেলাত অভিযান চলাই নাৰীদেহ ব্যৱসায়ী চক্ৰ উৎখাত নগাঁও আৰক্ষীৰ - নগাঁও আৰক্ষী

এইবাৰ নাৰী সৰবৰহকাৰীৰ বিৰুদ্ধে বহিঃৰাজ্যত অভিযান নগাঁও আৰক্ষীৰ । কেৰেলাৰ পৰা উদ্ধাৰ অসমৰ ৫ গৰাকী যুৱতী । আৰক্ষীৰ জালত মহিলা সহ তিনি গৰাকী নাৰী সৰবৰাহকাৰী ।

nagaon-police-successfully-covered-a-mission-against-prostitution-in-kerala
কেৰেলাত অভিযান চলাই নাৰীদেহ ব্যৱসায়ী চক্ৰ উৎখাত কৰিলে নগাঁও আৰক্ষীয়ে

By

Published : Nov 2, 2021, 9:55 PM IST

নগাঁও , 2 নবেম্বৰ :ড্ৰাগছকে ধৰি বিভিন্ন অপৰাধৰ বিৰুদ্ধে বহুকেইটা সফল অভিযান চলোৱা নগাঁও আৰক্ষীয়ে এইবাৰ নাৰী সৰবৰাহকাৰীৰ বিৰুদ্ধে বহিঃৰাজ্যত অভিযান চলাই লাভ কৰিছে বৃহৎ সফলতা । নগাঁও আৰক্ষীয়ে কেৰেলাত অভিযান চলাই এটা নাৰী সৰবৰাহকাৰী চক্ৰ উৎখাত কৰিবলৈ সক্ষম হয় ।

কেৰেলাত অভিযান চলাই নাৰীদেহ ব্যৱসায়ী চক্ৰ উৎখাত কৰিলে নগাঁও আৰক্ষীয়ে

নগাঁও আৰক্ষীৰ বিশেষ শাখাৰ উপ আৰক্ষী অধীক্ষক দীপ্তি মালীৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে কেৰেলাৰ ত্ৰিবান্দ্ৰম জিলাৰ পৰা নাৰী সৰবৰাহকাৰী চক্ৰৰ পৰা ৫ গৰাকী যুৱতী উদ্ধাৰ কৰাৰ লগতে এগৰাকী মহিলা সহ ৩ গৰাকী নাৰী সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে উদ্ধাৰ কৰা যুৱতী কেইগৰাকী নগাঁও , মৰিগাঁও , হোজাই আৰু শোণিতপুৰ জিলাৰ বুলি জানিব পৰা গৈছে ।

নগাঁৱৰ আৰক্ষীয়ে উল্লেখ কৰা মতে নগাঁও সদৰ থানাত এই সন্দৰ্ভত ৰুজু হোৱা ১৯৮৭/২০২১ নম্বৰৰ গোচৰৰ আঁত ধৰি নগাঁও আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক দীপ্তি মালীৰ নেতৃত্বত যোৱা নগাঁও আৰক্ষীৰ দলে কেৰেলাৰ ত্ৰিবান্দ্ৰম জিলাৰ আৰক্ষীৰ ডি চি পি বৈভৱ চাক্সেনাৰ সহযোগত এই সফলতা লাভ কৰে ।

আৰক্ষীয়ে নাৰী সৰবৰাহকাৰী চক্ৰৰ ৩ জন ক্ৰমে নগাঁৱৰ ৰৌমাৰীৰ আলী আকবৰ (৩২) , কচুৱাৰ আইনা বিবি ওৰফে দিদি (৪১) আৰু হোজাইৰ দিলোৱাৰ হুছেইনক(২৪) গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । এই নাৰী সৰবৰাহকাৰী চক্ৰৰ মূল নায়িকা আইনা বিবি বুলি আৰক্ষী সূত্ৰত প্ৰকাশ ।

আৰক্ষীয়ে এই চক্ৰটোৰ কবলৰ পৰা উদ্ধাৰ কৰা ৫ গৰাকী যুৱতী হৈছে শোণিতপুৰ জিলাৰ ভোমোৰাগুৰিৰ, হোজাই জিলাৰ লংকাৰ , মৰিগাঁও জিলাৰ ধোপগুৰিৰ, নগাঁও জিলাৰ চোট ৰূপহীৰ আৰু জুৰীয়াৰ ধিং গাঁৱৰ ৷ আৰক্ষীয়ে নাৰী সৰবৰাহকাৰী চক্ৰটোৰ পৰা গ্ৰেপ্তাৰ কৰা তিনি জন লোকক অধিক তথ্য আহৰণৰ বাবে জেৰা অব্যাহত ৰাখিছে । এই সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই কয়, ''আমি এক খবৰ লাভ কৰি অনুসন্ধান আৰম্ভ কৰো ।''

আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই উল্লেখ কৰা মতে আলী আকবৰ, দিলোৱাৰ হুছেইন আৰু আইনা বিবিয়ে মিলি অসমৰ বিভিন্ন জিলাৰ পৰা যুৱতী মহিলা বহিঃ ৰাজ্যলৈ সৰবৰাহ কৰি আহিছে । এই চক্ৰটোৰ হাতত অসমৰ বিভিন্ন জিলাৰ যুৱতী মহিলাৰ ফটো আছে । এই ফটো গ্ৰাহকক দেখুৱাই নাৰী দেহৰ ব্যৱসায় চলাই আহিছে । এই চক্ৰটোৰ সৈতে জড়িত আন সদস্যৰ সন্ধানত নগাঁও আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :অভিলেখ সৃষ্টি কৰি দ্বিতীয়বাৰৰ বাবে ভৱানীপুৰৰ বিধায়ক হ'ল ফণী তালুকদাৰ

ABOUT THE AUTHOR

...view details