নগাঁও, 27 জুন : নিশা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ধাবাত সুৰাপান কৰি গাড়ী চলোৱাসকল এতিয়াৰ পৰা সাৱধান ! অন্তত নগাঁৱৰ কোনো ধাবাত এতিয়াৰ পৰা পান কৰিব নোৱাৰিব সুৰা । নগাঁৱৰ কোনো ধাবাত অবৈধভাৱে বিক্ৰী কৰিব নোৱাৰিব সুৰা । সঘনাই বৃদ্ধি পোৱা পথ দুৰ্ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত কঠোৰ হৈছে নগাঁৱৰ আৰক্ষী অধীক্ষক নৱনীত মহন্তই ।
বিশেষকৈ ৰাষ্ট্ৰীয় ঘাইপথ অথবা ৰাজ্যিক ঘাইপথৰ কাষত থকা ধাবাৰ পৰাই সুৰাপান কৰি নিশা বাহন চলোৱাৰ ফলত প্ৰায়েই সংঘটিত হয় পথ দুৰ্ঘটনা । কিন্তু নগাঁৱত এতিয়াৰ পৰা পথৰ কাষৰ ধাবাত অবৈধভাৱে বিক্ৰী কৰিব নোৱাৰিব সুৰা । কাৰণ এইক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে নগাঁৱৰ আৰক্ষী অধীক্ষক নৱনীত মহন্তই ।
নগাঁৱৰ পথৰ কাষত থকা একাধিক ধাবাত অবৈধভাৱে সুৰা বিক্ৰী কৰাৰ উপৰিও ধাবাৰ ভিতৰতে অনৈতিক কাৰ্যকলাপ সংঘটিত হোৱাৰো অভিযোগ উত্থাপন হৈ আহিছে । এই ধাবাসমূহত অবৈধভাৱে সুৰা বিক্ৰী বন্ধ কৰিবলৈ তৎপৰ হৈ পৰিছে নগাঁও আৰক্ষী ।
লগতে পঢ়ক :Cyber crime : মৰিগাঁৱত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান; গ্ৰেপ্তাৰ ছীম কাৰ্ড ব্যৱসায়ী