অসম

assam

ETV Bharat / state

কৰ'ণা আক্ৰান্ত হৈ মৃত্যু হোৱা আৰক্ষীৰ বাসগৃহত শোকাকূল পৰিবেশ - আৰক্ষী

ক'ভিড চিকিৎসালয়ত মৃত্যু হোৱা নগাঁৱৰ শেনচোৱাৰ হৰেশ্বৰ নাথৰ বাসগৃহত শোকাকুল পৰিৱেশ । ৫৩ বছৰীয়া হৰেশ্বৰ নাথৰ দেহত ক'ভিড -১৯ৰ কোনো চিন দেখা পোৱা নগৈছিল যদিও তেওঁ কোৱাৰেন্টাইনত আছিল।

covid-19
covid-19

By

Published : Jul 11, 2020, 6:37 AM IST

নগাঁও, 11 জুলাই : উত্তৰ গুৱাহাটীৰ ক'ভিড হাস্পতালত চিকিৎসাধীন অসম আৰক্ষীৰ ১৬ নম্বৰ বেটেলিয়নৰ হাবিলদাৰ হৰেশ্বৰ নাথৰ মৃত্যুৰ বাতৰি পোৱাৰ লগে লগে নগাঁৱৰ শেনচোৱাৰ ঘৰখনত শোকাকুল পৰিবেশ সৃষ্টি হয় । ক'ভিড-১৯ ত আক্ৰান্ত হৈ আমিনগাঁৱৰ হাস্পতালত চিকিৎসাধীন অৱস্থাতে আৰক্ষী বেটেলিয়ানৰ জনৰ মৃত্যু হয় ৷ এই দুঃসংবাদ প্ৰচাৰৰ পাচতে শেনচোৱাৰ বাসগৃহত উপস্থিত হয় আৰক্ষী বেটেলিয়ানৰ কমাণ্ডেন্ট অৰ্ণৱ ডেকাকে ধৰি অসম আৰক্ষীৰ কেইবাজনো উচ্চপদস্থ বিষয়া ।

কৰ'ণা আক্ৰান্ত হৈ মৃত্যু হোৱা আৰক্ষীৰ বাসগৃহত শোকাকূল পৰিবেশ

জানিব পৰা মতে মতে ৫৩ বছৰীয়া হৰেশ্বৰ নাথৰ দেহত ক'ভিড -১৯ৰ কোনো চিন দেখা পোৱা নগৈছিল যদিও তেওঁ কোৱাৰেন্টাইনত আছিল। যোৱা ২৭ জুনত হৰেশ্বৰ নাথ শেনচোৱাৰ ঘৰৰ পৰা চাকৰিলৈ ঘূৰি গৈছিল বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :সেউজী ধৰণী গঢ়াৰ সপোনত বিভোৰ নলবাৰীৰ নেলচন মেণ্ডেলা

ABOUT THE AUTHOR

...view details