নগাঁও, 31 মে’ : নগাঁৱৰ আৰক্ষী অধীক্ষক হিচাপে এই পি এছ বিষয়া আনন্দ মিশ্রৰ যোগদানৰ পিছতেই হাহাকাৰ লাগিছে নগাঁৱৰ অপৰাধ জগতত । একপ্ৰকাৰ অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হোৱা নগাঁৱক অপৰাধমুক্ত কৰিবলৈ আনন্দ মিশ্রৰ নেতৃত্বত নগাঁও আৰক্ষীয়ে চলায়েই আছে এটাৰ পাচত আনটো সফল অভিযান ।
নগাঁৱত যোগদান কৰিয়েই আনন্দ মিশ্রৰ প্ৰথম অংগীকাৰ ড্ৰাগছমুক্ত নগাঁও গঢ়াৰ । যোগদান কৰাৰ দ্বিতীয়টো দিনৰ পৰাই আনন্দ মিশ্ৰ নিজেই নামি পৰে ড্ৰাগছ বিৰোধী অভিযানত । লগে লগে অধিক সক্ৰিয় হৈ পৰে নগাঁও আৰক্ষী ।
জিলাখনৰ প্ৰতিটো এলেকাতেই চলি আছে ড্ৰাগছ বিৰোধী ব্যাপক অভিযান । আনন্দ মিশ্ৰ যোগদান কৰাৰ দুটা সপ্তাহতে নগাঁও আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হয় বৃহৎ সফলতা ।
দুটা সপ্তাহত 40 টাতকৈও অধিক অভিযান চলাই 70 জনতকৈ অধিক লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষী । জব্দ কৰিবলৈ সক্ষম হয় তিনিটাকৈ মাৰণাস্ত্ৰ, কেইবা জাই সজীৱ গুলি, বুজন পৰিমাণৰ হেৰ'ইন, ব্ৰাউন চুগাৰ, বাইক আৰু চাৰিচকীয়া বাহন ।
তদুপৰি আৰক্ষীৰ অভিযানৰ সময়ত পলায়নৰ চেষ্টা কৰা দুটাকৈ ড্ৰাগছ ব্যৱসায়ীক গুলিয়াই আহত কৰে নগাঁও আৰক্ষীয়ে । দেওবাৰে মাজনিশা নগাঁৱৰ জুৰীয়াত অভিযান চলাই নগাঁও আৰক্ষীৰ এটা বৃহৎ দলে ।
অভিযানৰ সময়ত বিভিন্ন অপৰাধৰ সৈতে জড়িতৰ অভিযুক্ত জাইতুল কবিৰে আৰক্ষীক গুলিওৱাৰ চেষ্টা কৰোঁতেই আৰক্ষীয়ে গুলিচালনা কৰে জাইতুলক । ভৰিত গুলীবিদ্ধ হৈ আহত জাইতুলৰ পৰা এটা পিষ্টল, সজীৱ গুলী জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটোৱে ।