অসম

assam

ETV Bharat / state

নগাঁও আৰক্ষীৰ জালত চাৰি ড্ৰাগছ সৰবৰাহকাৰী

মধ্য অসমত এতিয়া সক্ৰিয় ড্ৰাগছৰ জগতখনৰ লগত জড়িত বহুকেইটা চক্ৰ । শেহতীয়াকৈ নগাঁও জিলাত আৰক্ষীৰ বিভিন্ন অভিযানত ধৰা পৰিছে ড্ৰাগছৰ নিষিদ্ধ জগতখনৰ লগত জড়িত এই চক্ৰৰ বহকেইটা সৰবৰাহকাৰীকে ধৰি ড্ৰাগছৰ ব্যৱসায়ী । ড্ৰাগছৰ এটা বৃহৎ নেটৱৰ্ক তৈয়াৰ কৰি এই চক্ৰটোৱে ড্ৰাগছৰ যোগানেৰে যুৱ প্ৰজন্মৰ এচামক আগুৱাই দিছে এক ভয়াৱহ পথলৈ ।

nagaon-police-arrested-four-drug-supplier
নগাঁও আৰক্ষীৰ জালত ড্ৰাগছৰ ব্যৱসায়ত জড়িত চাৰি অপৰাধী

By

Published : Jul 6, 2020, 10:16 PM IST

নগাঁও,৬জুলাই: শনিবাৰে নগাঁও আৰক্ষীয়ে এক অভিযানৰ জড়িয়তে বৃহৎ পৰিমাণৰ নিচাজাতীয় ঔষধসহ গ্ৰেপ্তাৰ কৰিছিল ৰুমেছা খাতুন নামৰ এগৰাকী মহিলাক । মহিলাগৰাকীৰ স্বীকাৰোক্তিৰ ভিত্তিত নগাঁও আৰক্ষীয়ে পুনৰ অভিযান চলাই ঔষধৰ পাইকাৰী ব্যৱসায়ী দীপাংকৰ ৰয়ৰ লগতে ইচাদ হুছেইন, চুলেমান ভূঞা আৰু জাহাংগীৰ আলমক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

নগাঁও আৰক্ষীৰ জালত ড্ৰাগছৰ ব্যৱসায়ত জড়িত চাৰি অপৰাধী

আৰক্ষীৰ পৰা জানিব পৰা মতে, দীৰ্ঘদিন ধৰি ধৃত লোককেইজনে নগাঁৱত ড্ৰাগছৰ এখন ৰমৰমীয়া ব্যৱসায় চলাই থকাৰ অভিযোগ পূৰ্বৰে পৰা উত্থাপন হৈ আহিছিল । শেহতীয়াকৈ নগাঁও আৰক্ষীয়ে এই অসাধু চক্ৰৰ বিৰুদ্ধে অভিযান চলাই বহুকেইটা ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত চক্ৰক উৎখাত কৰাৰ কাৰ্যক এতিয়া শলাগিছে নগাঁও চহৰখনৰ সচেতন মহলে ।

ABOUT THE AUTHOR

...view details