নগাঁও, 15 জুলাইঃকৰ'ণা আৰুবানে বিভীষিকাৰ সৃষ্টি কৰা কাজিৰঙাৰ বন্যপ্ৰাণীৰ এতিয়া বিলাই বিপত্তি নোহোৱা হৈছে। বানৰ কৱলত পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা আশ্রয়ৰ সন্ধানত ওলাই অহা এটা ঢেকিয়াপতীয়া বাঘ আৱদ্ধ হৈ পৰে বাগৰিৰ বান্দৰডুবিৰ এজন লোকৰ বাসগৃহত ৷ এই ঘটনাৰ পিচতে অঞ্চলটোত আতংকৰ সৃষ্টি হয় ৷ ঘটনা সম্পৰ্কত স্থানীয় লোকে বন বিভাগক খবৰ দিয়াত বন বিভাগৰ লোক উপস্থিত হৈ ঢেকিয়াপতীয়া বাঘটোক ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম হয় ৷
বুধবাৰে পুৱা বাঘটো পুনৰ ৰৱীন শইকীয়া নামৰ লোকজনৰ পাকঘৰ আৱিস্কাৰ হোৱাৰ পিছত বাঘটো আঁতৰাই পঠিওৱাৰ চেষ্টা কৰা হৈছিল যদিও বাঘটো আঁতৰি যোৱা নাছিল ৷ দীর্ঘসময়ৰ চেষ্টাৰ অন্তত অৱশেষত ট্ৰেংকুলাইজ কৰি বাঘটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ট্ৰেঙ্কুলাইজাৰ কৰা বাঘজনীৰ বয়স দুবছৰ বুলি চিকিৎসকৰ পৰা জানিব পৰা গৈছে ৷ ইপিনে মাইকী বাঘটোক বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰসংস্থাপন কেন্দ্ৰত ৰখা হ'ব বুলি জানিবলৈ দিয়ে বনবিভাগৰ দলটোৱে ৷