নগাঁও ডেস্ক,৭ এপ্ৰিল :দেশত পুনৰ ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে (Covid cases increased in India)। যোৱা ২৪ ঘণ্টাত দেশত ৬০০০ৰো অধিক লোক ক'ভিডত আক্ৰান্ত হৈছে । ক'ভিড সংক্ৰমণ বৃদ্ধি পোৱাৰ লগে লগে এতিয়া চৰকাৰৰ স্বাস্থ্য বিভাগ উদ্বিগ্ন হৈ পৰিছে ।
অসমতো শেহতীয়াকৈ কেইবাগৰাকী লোক ক'ভিডত আক্ৰান্ত হোৱাৰ খবৰ পোৱা গৈছে । ইয়াৰ মাজতে ক'ভিডক লৈ উদ্বিগ্ন হৈ পৰিছে নগাঁৱৰ ৰাইজ । কাৰণ শেহতীয়াকৈ নগাঁৱৰ এক চিকিৎসক দম্পতীৰ দেহত ক'ভিড-১৯ৰ অৱস্থিতি ধৰা পৰিছে (Covid virus detected on doctor couple body)। খৱৰ পোৱা মতে বহিঃৰাজ্যৰ পৰা আহিছিল চিকিৎসক দম্পতীটো । নগাঁৱৰ চিকিৎসক দম্পতী ক'ভিডত আক্ৰান্ত হোৱাৰ পাচতেই চিন্তিত হৈ পৰিছে নগাঁৱৰ ৰাইজ ।
আক্ৰান্ত চিকিৎসক দুগৰাকী কিছুদিন পূৰ্বে হায়দৰাবাদলৈ গৈছিল বুলি জানিব পৰা গৈছে । হায়দৰাবাদৰ পৰা ঘূৰি অহাৰ পাচৰ পৰাই অসুস্থ হৈ পৰে দুয়োগৰাকী চিকিৎসক । তেওঁলোকৰ দেহত ক'ভিডৰ লক্ষণেও দেখা দিছিল । তাৰ পাচতেই স্বাস্থ্য পৰীক্ষা কৰাত ধৰা পৰে ক'ভিড-১৯ৰ অৱস্থিতি (New covid case in Nagaon)। অৱশ্যে চিকিৎসক দম্পতীৰ সংস্পৰ্শলৈ অহা সকলৰো ক'ভিড পৰীক্ষা কৰা হৈছে যদিও তেওঁলোকৰ ফলাফল নিগেটিভ পোৱা গৈছে ।