নগাঁও,13 জুন : ৰাজ্যত আৰম্ভ কৰা হৈছে ক’ভিড-19 ৰ দ্বিতীয় পালি টীকাকৰণ(Vaccine) ৷ নগাঁও জিলাত ক’ভিড-19 ৰ দ্বিতীয় পালি টীকাকৰণ(Vaccine) প্ৰক্ৰিয়া আৰম্ভ কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসনে শনিবাৰে গ্ৰহণ কৰিছে কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ জিলা প্ৰশাসনে সদৰী কৰা অনুসৰি, নগাঁও জিলাত ৭ মে’ত ক’ভেক্সিনৰ প্ৰথম পালি টীকাকৰণ(Vaccine) গ্ৰহণ কৰা ১৮-৪৪ বয়সৰ নাগৰিকে পাব COVAXIN ৰ দ্বিতীয় পালি টীকা(Vaccine) ৷
জানিব পৰা মতে, বিগত 7 মে’ত জিলাখনৰ যিসকল (১৮-৪৪ বছৰ বয়সৰ) ব্যক্তিয়ে COVAXIN ৰ প্ৰথম পালি টীকা ১ নং আমোলাপট্টি নিম্ন বুনিয়াদী বিদ্যালয়, জিতেন শইকীয়া প্ৰাথমিক বিদ্যালয় আৰু নুৰুদ্দিন মোক্তাব প্ৰাথমিক বিদ্যালয়ত গ্ৰহণ কৰিছিল, সেইসকল ব্যক্তিক নগাঁও চহৰৰ চৰকাৰী বালক উচ্চ মাধ্যমিক বিদ্যালয় ক’ভিড টীকাকৰণ(Vaccine) কেন্দ্ৰত ১৪ জুনত ২য় পালি টীকাকৰণ(Vaccine) প্ৰদান কৰা হ’ব ।