অসম

assam

ETV Bharat / state

Congress slams BJP: ৰাহুল গান্ধীৰ সাংসদ পদ ষড়যন্ত্ৰমূলকভাৱে খাৰিজ কৰা হৈছে: ববিতা শৰ্মা - Rahul Gandhi case update

নগাঁৱত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল (Nagaon district congress) ৷ সংবাদমেল সম্বোধন কৰি শাসকীয় দল বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰিল কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মা ৷ ৰাহুল গান্ধীৰ সাসংদ পদ ষড়যন্ত্ৰ মূলকভাৱে খাৰিজ কৰা বুলি অভিযোগ কংগ্ৰেছ নেত্ৰীগৰাকীৰ ৷

Congress slams BJP
ৰাহুল গান্ধীৰ সাংসদ পদ ষড়যন্ত্ৰ মূলকভাৱে খাৰিজ কৰা হৈছে: ববিতা শৰ্মা

By

Published : Mar 31, 2023, 10:52 PM IST

ৰাহুল গান্ধীৰ সাংসদ পদ ষড়যন্ত্ৰ মূলকভাৱে খাৰিজ কৰা হৈছে: ববিতা শৰ্মা

নগাঁও, 31 মাৰ্চ:নগাঁৱত অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ সংবাদমেল ৷ সংবাদমেল সম্বোধন কৰে কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাই ৷ ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক লৈ সৰৱ কংগ্ৰেছ নেত্ৰীগৰাকী ৷ ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰা মানে গণতন্ত্ৰক নস্যাৎ কৰা বুলি সংবাদমেলত মন্তব্য ববিতা শৰ্মাৰ (Disqualification of Rahul Gandhi) ৷

উল্লেখ্য যে, ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাক লৈ দেশজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া ৷ নিখিল ভাৰত কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীক এটা মানহানিৰ গোচৰত গুজৰাটৰ এখন আদালতে দোষী সাব্যস্ত কৰাৰ পাচতেই সাংসদ পদ খাৰিজ কৰা হৈছিল ৰাহুল গান্ধীৰ ৷ আদালতে ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰাৰ এটা দিনৰ ভিতৰতে সাংসদ পদ খাৰিজ কৰাত ষড়যন্ত্ৰৰ গোন্ধ পোৱা গৈছে বুলি অভিযোগ উত্থাপন কৰি আহিছে কংগ্ৰেছে (Rahul Gandhi case update) ৷

শুকুৰবাৰে নগাঁও ৰাজীৱ ভৱনত সংবাদমেলত শাসকীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে অসম প্ৰদেশ কংগ্ৰেছৰ নেত্ৰী ববিতা শৰ্মা ৷ বিজেপি চৰকাৰে ষড়যন্ত্ৰ মূলকভাৱে ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ লগতে 8 বছৰলৈ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব নোৱাৰা কৰিছে বুলি মন্তব্য কৰে কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাই ৷ চূৰাট আদালতে ৰাহুল গান্ধীৰ ওপৰত প্ৰদান কৰা ৰায়দানৰ 1 দিনৰ পাচতেই লোকসভাৰ অধ্যক্ষই তেওঁৰ সাংসদ পদ খাৰিজ কৰাৰ কথা উল্লেখ কৰি ৰাহুল গান্ধীক উচ্চ ন্যায়ালয়লৰ দাৰস্থ হ’বলৈ 1 মাহৰো সময় নিদিয়া বুলি মন্তব্য কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে (Rahul Gandhi defamation case) ৷

ৰাহুল গান্ধীৰ বলিষ্ঠ কণ্ঠ ৰোধ কৰাৰ বাবেই বিজেপিয়ে এনে ষড়যন্ত্ৰত লিপ্ত হোৱাৰো অভিযোগ উত্থাপন কৰে কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাই ৷ কংগ্ৰেছে সদায় মূল্যবৃদ্ধি, টোল কৰ বৃদ্ধিৰ ওপৰত প্ৰতিবাদ কৰি আহিছে বুলিও সংবাদমেলত উল্লেখ কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ৷ উল্লেখ্য যে, ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰা, গৌতম আদানীৰ বিত্তীয় কেলেংকাৰী আদিৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছে ৰাজ্যৰ জিলাই জিলাই সম্বোধন কৰে সংবাদমেল ৷

লগতে পঢ়ক:Assam CM slams Rahul Gandhi: ৰাহুল‌ গান্ধীক নৈতিকভাৱে দুৰ্নীতিগ্ৰস্ত লোক আখ্যা হিমন্ত বিশ্ব শৰ্মাৰ

ABOUT THE AUTHOR

...view details