নগাঁও, ৩ ফেব্ৰুৱাৰী : নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে বিধেয়কখনৰ বিৰোধিতাৰে সংকল্প ল'লে অসম সাহিত্য সভাই । নগাঁৱৰ ৰহাৰ জোঙাল বলহু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈ থকা অসম সাহিত্য সভাৰ মুকলি সভাত বিধেয়কৰ বিৰোধিতাৰে সংকল্প গ্ৰহণ বিভিন্ন দল সংগঠনৰ লগতে সাহিত্য সভাৰ । জাতীয় সংকট নিৰাময়ৰ স্বাৰ্থত সকলোকে ঐক্যবদ্ধ হ'বলৈ অধিৱেশনস্থলীৰ পৰাই আহ্বান অসম সাহিত্য সভাৰ সভাপতি ডo পৰমানন্দ ৰাজবংশীৰ । নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সকলোৱে বিচাৰিলে অসম সাহিত্য সভাই আন্দোলনৰ নেতৃত্ব দিব বুলিও মন্তব্য কৰে সাহিত্য সভাৰ সভাপতিগৰাকীয়ে ।
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মাত মাতি যোৱাৰ সংকল্প অসম সাহিত্য সভাৰ - অসম সাহিত্য সভা
বিধেয়কৰ বিৰুদ্ধে আইনী যুঁজ চলোৱাৰ সিদ্ধান্ত সাহিত্য সভাৰ
ইপিনে সাহিত্য সভাৰ দশম দ্বি-বাৰ্ষিক অধিৱেশনৰ মুকলি অনুষ্ঠানত আমন্ত্ৰণ জনোৱাৰ পাচতো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত নোহোৱাক লৈ মুখ্যমন্ত্ৰীগৰাকীক কঠোৰভাষাৰে সমালোচনা কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্যই । ক'লা পতাকাৰ ভূতে খেদিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক। ক'লা পতাকাৰ ভয়তে সাহিত্য সভাৰ অধিৱেশনত মুখ্যমন্ত্ৰী উপস্থিত নোহোৱাৰ অভিযোগ এ জে ৱাই চি পি সদস্যৰ । উল্লেখ্য যে, সাহিত্য সভাৰ অধিৱেশনৰ মুকলি সভাত মুখ্যমন্ত্ৰী উপস্থিত হ'লে ক'লা পতাকা প্ৰদৰ্শনৰ লগতে ক'লা দিৱস পালনৰ হুংকাৰ প্ৰদান কৰিছিল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাওঁ জিলা আৰু ৰহা আঞ্চলিক সমিতিয়ে।