অসম

assam

By

Published : May 20, 2021, 9:54 AM IST

ETV Bharat / state

১৮ বছৰৰ ঊৰ্ধৰ লোকৰ প্ৰতিষেধকৰ ব্যৱস্থা নগাঁও প্ৰশাসনৰ

বৃহস্পতিবাৰৰ পৰা নগাঁও মহাবিদ্যালয়, চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু গোপীনাথ দেৱগোস্বামী বাণিজ্য মহাবিদ্যালয়ত ক'ভিডৰ টীকাকৰণৰ ব্যৱস্থা কৰা হৈছে ।

vaccine
১৮ বছৰ উৰ্ধৰ লোকৰ প্ৰতিষেধকৰ বাবে বিশেষ ব্যৱস্থা নগাঁও জিলা প্ৰশাসনৰ

নগাঁও,২০ মে': ক'ভিডৰ ভয়ংকৰ সংক্ৰমণৰ মাজতে ৰাজ্যত টীকাকৰণ প্ৰদান প্ৰক্ৰিয়া অব্যাহত আছে । ইতিমধ্যে আৰম্ভ হৈছে ১৮ বছৰৰ ঊৰ্ধৰ লোকসকলৰ ক'ভিডৰ টীকাকৰণ প্ৰক্ৰিয়া । নগাঁও জিলা প্ৰশাসনে ১৮ বছৰৰ ঊৰ্ধৰ নাগৰিকৰ ক'ভিডৰ টীকাকৰণৰ সুবিধাৰ্থে কিছু ব্যৱস্থা গ্ৰহণ কৰিছে । এই অনুসৰি ক'ভিড টীকাকৰণৰ শ্ল’টসমূহ Cowin.govt.in ত উপলব্ধ হ'ব বুলি সদৰী কৰিছে ।

১৮ বছৰ উৰ্ধৰ লোকৰ প্ৰতিষেধকৰ বাবে বিশেষ ব্যৱস্থা নগাঁও জিলা প্ৰশাসনৰ

বৰ্তমান জিলাখনত চলি থকা তিনিটা ক'ভিড প্ৰতিষেধক কেন্দ্ৰ বুধবাৰৰ পৰা বন্ধ ৰখা হৈছে ৷ ইয়াৰ পৰিৱৰ্তে নগাঁও মহাবিদ্যালয়, চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু গোপীনাথ দেৱগোস্বামী বাণিজ্য মহাবিদ্যালয়ত বৃহস্পতিবাৰৰ পৰা ক'ভিডৰ টীকাকৰণৰ ব্যৱস্থা কৰা হৈছে । ইয়াৰ উপৰিও ২০ মে'ত ক'ভিডৰ প্ৰতিষেধক গ্ৰহণ কৰিব বিচৰাসকলৰ বাবে শ্ল’টসমূহ বুধবাৰে বিয়লি ৪ বজাৰ পাছত উপলব্ধ কৰা হৈছে ।

লগতে পঢ়ক: পথালিবামৰ কণ্টেইনমেণ্ট জ’ন পৰিদৰ্শন বিধায়ক চক্ৰধৰ গগৈৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details