অসম

assam

ETV Bharat / state

কংগ্ৰেছৰ দিনত হত্যা কৰা হৈছিল মুছলমানক:প্ৰাক্তন বিধায়ক আব্দুল আজিজ - সংখ্যালঘু

কংগ্ৰেছৰ দিনত মুছলমান হত্যা কৰা হৈছিল, বিজেপিৰ দিনত তেনে ঘটনা ঘটা নাই ৷ গেৰুৱা বসন পিন্ধিয়েই এই বিতৰ্কিত মন্তব্য ৰূপহীহাটৰ প্ৰাক্তন বিধায়ক তথা ন-বিজেপি আব্দুল আজিজৰ ৷

Muslims were killed on the day of the Congress
কংগ্ৰেছৰ দিনত মুছলমানক হত্যা কৰা হৈছিলঃপ্ৰাক্তন বিধায়ক আব্দুল আজিজ

By

Published : Sep 27, 2020, 10:12 AM IST

ৰূপহীহাট,27ছেপ্তেম্বৰঃকংগ্ৰেছৰ দিনত হত্যা কৰা হৈছিল মুছলমানক, বিজেপিৰ দিনত তেনে ঘটনা ঘটা নাই ৷গেৰুৱা বসন পিন্ধিয়েই এই বিতৰ্কিত মন্তব্য কৰে ৰূপহীহাটৰ প্ৰাক্তন বিধায়ক তথা ন-বিজেপি আব্দুল আজিজে ৷ কংগ্ৰেছ, এ আই ইউ ডি এফক সাম্প্ৰদায়িক দল আখ্যা দি কংগ্ৰেছৰ দিনত সাম্প্ৰদায়িক সংঘৰ্ষ অধিক হোৱা বুলিও উল্লেখ কৰিলে প্ৰাক্তন বিধায়ক গৰাকীয়ে ৷

কংগ্ৰেছৰ দিনত মুছলমানক হত্যা কৰা হৈছিলঃপ্ৰাক্তন বিধায়ক আব্দুল আজিজ

শুকুৰবাৰে ৰূপহীহাটৰ হাতীপুখুৰীত স্থানীয় বিজেপিৰ দ্বাৰা আয়োজিত এক সম্বৰ্দ্ধনা অনুস্থানত অংশ গ্ৰহণ কৰি আব্দুল আজিজে কয় যে, কংগ্ৰেছৰ দিনত সংখ্যালঘু এলেকাত মাটি বিক্ৰী হৈছিল ; কিন্তু বিজেপি চৰকাৰৰ অহাৰ পিছত মুছলমান এলেকাত বিক্ৰী হোৱা নাই মাটি।

প্ৰাক্তন বিধায়কগৰাকীৰ বিজেপি গমনৰ পিছতে এনে বিতৰ্কিত মন্তব্যত সংখ্যালঘু অধ্যুষিত সমষ্টিটোত ব্যাপক চৰ্চা আৰম্ভ হোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়কঃপাঠ্যক্ৰমৰ পৰা নেহৰু বাদ পৰিল কিয়ঃ মুখ্যমন্ত্ৰীলৈ পত্ৰ বিৰোধী দলপতিৰ

ABOUT THE AUTHOR

...view details